ETV Bharat / sitara

প্ৰথমখন ৱেব চিৰিজত অজয় দেৱগনে পাব 125 কোটি টকা - অ’টিটি প্লেটফৰ্মত অজয় দেৱগন

প্ৰথমবাৰৰ বাবে ডিজিটেল চিৰিজ (Digital Series)ত খোজ পেলাবলৈ সাজু হৈছে বলীউড অভিনেতা অজয় দেৱগন (Ajay Devgn) ৷ ডিজনী হটষ্টাৰ প্লাছ প্ৰিমিয়াম (Disney+ Hotstar Premium)ত মুক্তিলাভ কৰিবলগীয়া ‘ৰুদ্ৰ : দ্য এডজ অৱ ডাৰ্কনেছ’ (Rudra: The Edge Of Darkness) চিৰিজটোৰ বাবে 125 কোটি টকা পৰিশোধ কৰা হৈছে অভিনেতাগৰাকীক ৷

ajay devgn rudra the edge of darkness fees
অজয় দেৱগনৰ ৰুদ্ৰ : দ্য এডজ অৱ ডাৰ্কনেছ
author img

By

Published : Jun 18, 2021, 9:08 PM IST

চিটাৰা ডেস্ক,18 জুন : শীঘ্ৰেই অ’টিটি (OTT) প্লেটফৰ্মৰ ৱেব চিৰিজ (Web Series) ‘ৰুদ্ৰ : দ্য এডজ অৱ ডাৰ্কনেছ’ (Rudra: The Edge Of Darkness)ত দেখিবলৈ পোৱা যাব বলীউড অভিনেতা অজয় দেৱগন (Ajay Devgn)ক ৷ চিৰিজটোত এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকা ৰূপায়ণ কৰা অভিনেতাগৰাকীক এক বৃহৎ পৰিমাণৰ টকা পৰিশোধ কৰা বুলি জানিব পৰা গৈছে ৷

সূত্ৰই জনোৱা মতে, অজয়ে এই চিৰিজটোৰ বাবে 125 কোটি টকা লৈছে ৷ ইয়াৰ লগে লগে হৃত্বিক ৰোশন (Hrithik Roshan) আৰু অক্ষয় কুমাৰ (Akshay Kumar)ৰ সৈতে দেৱগন অ’টিটি প্লেটফৰ্মৰ আটাইতকৈ দামী অভিনেতাৰ তালিকাত আছে ৷ আনহাতে ৱেবলইডৰ প্ৰতিবেদন অনুসৰি, ছবিখনৰ দৃশ্যগ্ৰহণৰ উপৰিও প্ৰচাৰ, ছ’চিয়েল মিডিয়া প’ষ্ট, ৰিয়েলিটি শ্ব’ আদিৰ পৰিশ্ৰমো এই মোটা অংকত অন্তৰ্ভুক্ত হৈ আছে ৷

ajay devgn rudra the edge of darkness fees
অজয় দেৱগনৰ ৰুদ্ৰ : দ্য এডজ অৱ ডাৰ্কনেছ

এই ক্ৰাইম ড্ৰামা (Crime Drama) খন অনব’ৰ্ড (Onboard) হোৱাৰ পূৰ্বে অজয় দেৱগনে কৈছিল যে, তেওঁ এনেধৰণৰ আকৰ্ষণীয় আৰু অনন্য কাহিনীৰ ওপৰত কাম কৰি ভালপায় ৷ কেনেদৰে দৰ্শকক মনোৰঞ্জন কৰিব পৰা যাব, তাৰ ওপৰত গুৰুত্ব দিয়া হয় ৷ এই ডিজিটেল (Digital) জগতখনে তেওঁক উৎসাহিত কৰা বুলি অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইতিমধ্যে বহুকেইখন জনপ্ৰিয়তা লাভ কৰা ছবিত আৰক্ষী বিষয়াৰ ভূমিকা পালন কৰা 52 বৰ্ষীয় অভিনেতাগৰাকীয়ে কয় যে, ‘ৰুদ্ৰ : দ্য এডজ অৱ ডাৰ্কনেছ’ত তেওঁৰ চৰিত্ৰটো অধিক গহীন, জটিল আৰু ৰহস্যময়ী ৷ যিটো চৰিত্ৰই তেওঁক তেওঁৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায় আৰু আকৰ্ষিত কৰিছে, সম্ভৱতঃ সেই চৰিত্ৰসমূহৰ ভিতৰত এই চিৰিজটোৰ চৰিত্ৰটোও অন্যতম ৷

বিবিচি ষ্টুডিঅ’জ ইণ্ডিয়া (BBC Studios India)ৰ সহযোগিতাৰে এপলছ এণ্টাৰটেইনমেণ্ট (Applause Entertainment)ৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এই চিৰিজৰ মুম্বাইত কৰা দৃশ্যগ্ৰহণ হ’ব ৷ এই চিৰিজটো চলিত বৰ্ষৰ অন্তিম ভাগত ডিজনী হটষ্টাৰ প্লাছ প্ৰিমিয়াম (Disney+ Hotstar Premium)ত মুক্তিলাভ কৰিব ৷ চিৰিজটোৰ কাহিনীৰ আঁৰত আছে কাহিনীকাৰ ৰাজেশ মাপুছকাৰ (Rajesh Mapuskar) ৷

লগতে পঢ়ক : কাৰ্তিক আৰিয়ান এখন ফটোৱে লগাইছে তোলপাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.