ETV Bharat / sitara

মুৰলীধৰনৰ বায়'পিক 800ত অভিনয়ৰ বাবে বিজয় সেথুপাথীৰ কন্যাক ধৰ্ষণৰ ভাবুকি - Cricketer Muralitharan biopic 800

মুথিয়া মুৰলীধৰণৰ বায়'পিক 800ৰ অভিনয়ৰ পৰা আঁতৰি অহাৰ বাবে এইবাৰ ধৰ্ষণৰ ভাবুকি অভিনেতা বিজয় সেথুপাথীৰ নুমলীয়া কন্যাক ৷ এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বিজয় সেথুপাথীৰ কন্যাক ধৰ্ষণৰ ভাবুকি
বিজয় সেথুপাথীৰ কন্যাক ধৰ্ষণৰ ভাবুকি
author img

By

Published : Oct 20, 2020, 2:06 PM IST

চিটাৰা ডেস্ক, 20 অক্টোবৰ : শ্ৰীলংকাৰ প্ৰখ্যাত ক্ৰিকেটাৰ মুথিয়া মুৰলীধৰণৰ বায়'পিক 800ৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে যেতিয়া অভিনেতা বিজয় সেথুপাথীৰ নাম ওলাইছিল, তেতিয়াই ইয়াক লৈ বহুটো বিতৰ্কৰ সৃষ্টি হৈছিল ৷ সেই সময়ৰ পৰাই বিভিন্ন দল তথা তামিল জাতীয়তাবাদী দলে এই চৰিত্ৰৰ পৰা তামিল অভিনেতা বিজয়ক আঁতৰি আহিবলৈ দাবী কৰিছিল ৷ মুৰলীধৰনে তামিল লোকসকলক প্ৰবঞ্চনা কৰা আৰু 2009ৰ গৃহ-যুদ্ধৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহিন্দ্ৰা ৰাজাপক্ষাক সমৰ্থন কৰাৰ বাবেই এইদৰে প্ৰত্যাখ্যানৰ সন্মুখীন হয় তামিল অভিনেতা বিজয় ৷

প্ৰৱল প্ৰতিবাদৰ মাজতেই সোমবাৰে ছবিখনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয় অভিনেতাগৰাকীয়ে ৷ অভিনেতাগৰাকীৰ এক পুৰণি টুইটৰ প্ৰত্যুত্তৰত ৰিট্টিক (Handle: @ItsRithikRajh) নামে এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে ইলেম তামিলসকলৰ সমস্যাৰ বুজ নল'লে অভিনেতাগৰাকীৰ নুমলীয়া কন্যাক ধৰ্ষণৰ ভাবুকি প্ৰদান কৰে ৷ ৰিট্টিকৰ এই টুইটক বহু ব্যৱহাকাৰীয়ে সমালোচনা কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ ইতিমধ্যে টুইটাৰে ব্যৱহাৰকাৰীজনৰ হেণ্ডেলটো ছাচপেণ্ড কৰিছে ৷

ইয়াৰ প্ৰত্যুত্তৰত ডিএমকে সাংসদ চেন্থিল কুমাৰে টুইট কৰি কয় এনেকুৱা অমানৱক বিচাৰি উলিয়াই জেললৈ প্ৰেৰণ কৰিব লাগে বুলি কয় ৷ গায়িকা চিন্ময়ী শ্ৰীপদায়ো ইয়াৰ সমালোচনা কৰি এক টুইট কৰে ৷ গায়িকাগৰাকীয়ে অভিনেতাগৰাকীক সমৰ্থন কৰে আৰু অভিনয় তেওঁৰ নিজা পেচাগত কথা বুলি কয় ৷ অভিনয় কৰাৰ বাবে অভিনেতাৰ সন্তানক ধৰ্ষণৰ ভাবুকি দিয়া ব্যক্তিক শীঘ্ৰেই বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে গায়িকাগৰাকীয়ে ৷

লগতে পঢ়ক : অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আগ্ৰহ প্ৰকাশ হৃত্বিক ৰোছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.