চিটাৰা ডেস্ক, ২ নৱেম্বৰ: কেৰালাৰ কংগ্ৰেছৰ নেতা মুলাপল্লী ৰামাচন্দ্ৰনৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়িকা সোণা মহাপাত্ৰই। শেহতীয়াকৈ যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাক লৈ বিৰূপ মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। সোণা মহাপাত্ৰই টুইটযোগে মন্তব্য কৰে যে, 'আমি মহিলাসকলে সদায়ে নিৰ্যাতন, ধৰ্ষণৰ ঘটনাৰ বলি হ'বলগীয়া হয়। এনেধৰণৰ অপশক্তিৰ মাজত আমি দিন কটাবলগীয়া হয়। আমি এই সমস্যাৰ সৈতে থাকিবলৈ, যুঁজিবলৈ আৰু নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈ শিকিছো।'
লগতে কংগ্ৰেছ নেতাগৰাকীয়ে মহিলাৰ আত্মসন্মানক লৈ কৰা মন্তব্যক ধিক্কাৰ দিয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰিছিল যে, 'স্বাভিমানী মহিলাই তেওঁৰ লগত হোৱা যৌন নিৰ্যাতনৰ কথা ৰাজহুৱা কৰাতকৈ মৃত্যু শ্ৰেয় বুলি ভাবিব।' শেহতীয়াকৈ মুকেশ খান্নাই মহিলাকসকলক লৈ কৰা টিপ্পনীৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
লগতে পঢ়ক:মুম্বাইত কৰা আটাইতকৈ প্ৰিয় কামক স্মৰণ কৰিছে কংগনা ৰাণাৱটে