ETV Bharat / sitara

অনুৰাগীসকলক #Love4SSR কেম্পেইনত যোগদান কৰিবলৈ আহ্বান শ্বেতা সিং কীৰ্তিৰ

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলক অহিংসাৰ পৰিৱৰ্তে ভালপোৱাক বাছনি কৰিবলৈ অনুৰোধ জনায় অভিনেতা গৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ৷

অনুৰাগীসকলক #Love4SSR কেম্পেইনত যোগদান কৰিবলৈ আহ্বান শ্বেতা সিং কীৰ্তিৰ
অনুৰাগীসকলক #Love4SSR কেম্পেইনত যোগদান কৰিবলৈ আহ্বান শ্বেতা সিং কীৰ্তিৰ
author img

By

Published : Dec 27, 2020, 3:47 PM IST

চিটাৰা ডেস্ক, 27 ডিচেম্বৰ: শ্বেতা সিং কীৰ্তিয়ে তেওঁৰ ভাতৃ তথা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলক অহিংসাৰ পৰিৱৰ্তে ভালপোৱাক বাছনি কৰিবলৈ অনুৰোধ জনায় ৷

বছৰটো শেষ হোৱাৰ কেইটামান দিন বাকী থাকোতেই শ্বেতাই এক ডিজিটেল কেম্পেইন আৰম্ভ কৰিছে ৷ #Love4SSR শীৰ্ষক কেম্পেইনেৰে তেওঁ প্ৰয়াত অভিনেতা গৰাকীৰ অনুৰাগীসকলক আগুৱাই আহি ভাল কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰোপৰি তেওঁ আন এটা নতুন কথা উল্লেখ কৰে এটা প'ষ্টৰ জৰিয়তে ৷ য'ত লিখা আছিল, "আপোনাৰ হৃদয় খুলি ভালপোৱা বিলাওক ৷ প্ৰাৰ্থনাৰ লগতে SSR লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক ৷ দৰিদ্ৰজনৰ মাজত কিতাপ বিলাওক আৰু তেওঁলোকক শিক্ষিত কৰি তোলক ৷ আৰ্তজনক অন্ন বা বস্ত্ৰ দান কৰক ৷ বৃক্ষ ৰোপনেৰে প্ৰকৃতি মাতৃক উদ্ভাসিত কৰক ৷"

চলিত মাহত পূৰ্বে শ্বেতাই উল্লেখ কৰে যে, তেওঁ তেওঁৰ ভাতৃক ন্যায় প্ৰদানৰ বাবে কৰা যুঁজখনত দৃঢ়প্ৰতিজ্ঞ হৈ আছে আৰু তেওঁৰ মৃত্যুৰ আঁৰৰ সত্যটো জানিবলৈ শপত লৈছে ৷ ইয়াৰ পাচতে ছ'চিয়েল মিডিয়াত #Oath4SSR ট্ৰেণ্ড আৰম্ভ কৰে ৷

লগতে পঢ়ক: ইৰফানৰ পৰা শ্বন কনৰেঃ2020 বৰ্ষত আমি হেৰুওৱা তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.