চিটাৰা ডেস্ক, 22 ডিচেম্বৰ: মোহময়ী অভিনেত্ৰী ছাৰা আলী খানে তেওঁৰ আহিবলগীয়া ছবি Coolie No. 1 ৰ কেইবাখনো সুন্দৰ ফটো শ্বেয়াৰ কৰে ৷ ইন্ষ্টাগ্ৰামযোগে ছাৰাই Coolie No. 1 ৰ দৃশ্যগ্ৰহণস্থলীৰ 5 খন ফটো শ্বেয়াৰ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ফটো কেইখনত অভিনেত্ৰী গৰাকীক বগা ৰঙৰ ৱেডিং গাউনৰ লগতে এখন ভেইল আৰু হীৰাৰ গহণা পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ মিছ পাটাউদিক আটাইকেইখন ফটোত সম্পূৰ্ণ এক সুকীয়া ৰূপত পৰিলক্ষিত হৈছে ৷ আনহাতে বৰুণ ধাৱানৰ লগত শ্বেয়াৰ কৰা ফটোত তেওঁলোকে অভিনয় কৰা চৰিত্ৰৰ এক অংশ ফুটি উঠিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
Coolie No. 1 আহিবলগীয়া বৰদিনত মুক্তি পাব ৷ ছবিখনৰ পৰিচালক হৈছে ডেভিদ ধাৱান ৷ ছবিখনত পৰেশ ৰাৱাল, ৰাজপাল যাদৱ আৰু জনী লিভাৰেও অভিনয় কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: মাজনিশা কিয়াৰা আদৱানীলৈ বৰুণ ধৱনৰ ফোন, কিন্তু কিয় ?