চিটাৰা ডেস্ক, ১৯ জানুৱাৰী: উচ্চতম ন্যায়ালয়ে অহা ২১ জানুৱাৰীলৈকে স্থগিত কৰিলে কানাড়া অভিনেত্ৰী ৰাগিনী দ্বিৱেদীৰ জামিন আবেদনৰ শুনানি । বিগত বৰ্ষৰ ৪ ছেপ্টেম্বৰত বাংগালুৰুত কেন্দ্ৰীয় অপৰাধ শাখাই ড্ৰাগছ সেৱন আৰু সৰবৰাহৰে জড়িত থকাৰ অভিযোগত ৩০ বছৰীয়া অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল । এটা ৰেৱ পাৰ্টীৰ আঁত ধৰিছিল ৰাগিনীয়ে ।
নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড ছাইক'ট্ৰ'পিক ছাবটেন্স আইনৰ অধীনত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই এই ঘটনাৰে জড়িত বাংগালুৰুৰ ৩টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে । ধৃত সৰবৰাহকাৰীকেইটাই জেৰাত কানাড়া ছবি জগতৰ তাৰকা আৰু কণ্ঠশিল্পীক ড্ৰাগছ যোগান ধৰাৰ কথা স্বীকাৰ কৰিছে ।
অভিনেত্ৰী ৰাগিনী দ্বিৱেদীৰ পিতৃৰ ঘৰ হাৰিয়ানাৰ ৰেৱাৰীত যদিও তেওঁলোক বাংগালুৰুত নিগাজীকৈ থাকিবলৈ লৈছিল আৰু তাতেই ৰাগিনীৰ জন্ম হৈছিল । ২০০৯ চনত 'বীৰা মাদাকাৰী' ছবিৰ জৰিয়তে ৰাগিনীয়ে কানাড়া ছবি জগত অৰ্থাৎ ছেণ্ডেলওডত খোজ পেলাইছিল ।