চিটাৰ ডেস্ক, 9 জানুৱাৰী : চলচিত্ৰ নিৰ্মাতা আলি আবাছ জাফৰৰ অ’টিটি প্লেটফ’মত মুক্তি লাভ কৰিবলগীয়া ৱেব চিৰিজ তাণ্ডৱত দেখা যাব অভিনেতা ছৈইফ আলী খানক । ১৫ জানুৱাৰীত এমাজ'ন প্ৰাইম ভিডিঅ'ত মুক্তি লাভ কৰিব ৱেব চিৰিজখনে ৷ ৱেব চিৰিজখনৰ বহু দৃশ্যগ্ৰহণ অভিনেতাগৰাকীৰ হাৰিয়ানাস্থিত পৈতৃক সম্পত্তি তথা ঐতিহ্যমণ্ডিত পাটাউডি হাউছত কৰা হৈছে ৷
তাণ্ডৱত ছৈইফ আলী খানে ডিঙি কটা ৰাজনীতিবিদ সমৰ প্ৰতাপ সিঙৰ নাম ভূমিকাত অভিনয় কৰিব ৷ পাটাউডি পেলেচত শ্বুটিং কৰাৰ অনুমতি দিয়াৰ পাছত অভিনেতাগৰাকীয়ে পৈত্ৰী সম্পত্তিৰ ভিতৰত শ্বুটিঙৰ অনুমতি দি ৱেব চিৰিজখনত ব্যতিক্ৰম কৰিছিল বুলি উল্লেখ কৰে । তেওঁ পাটাউডি পেলেচত শ্বুটিং কৰাৰ ফলত ৱেব চিৰিজখনত অধিক ৰাজকীয় ৰূপ দিয়াত সহায়ক হৈছে বুলি মন্তব্য কৰে ৷ তদুপৰি পেলেচটো বছৰৰ 340 দিনেই খালী থকাত সাজে সময়ে ভৱনটো শ্বুটিংৰ বাবে দিয়াত কোনো আপত্তি নাই বুলি কয় ৷
- " class="align-text-top noRightClick twitterSection" data="">
অভিনেতা গৰাকীয়ে লগতে কয় যে, চিৰিজটোৰ ক্ৰু সদস্যসকলে বাহিৰত দৃশ্যগ্ৰহণ কৰিলে তেওঁ স্বস্তিৰ অনুভৱ কৰিছিল ৷ কিন্তু তাণ্ডৱক তেওঁ ব্যতিক্ৰম কৰিব বিচাৰিছিল আৰু সেয়ে পেলেচৰ ভিতৰত দৃশ্য গ্ৰহণ কৰাৰ অনুমতি দিছিল । অৱশ্যে ক্ৰুৰ সদস্যসকলে চিত্ৰগ্ৰহণ কৰা স্থানবোৰৰ ভালদৰে যত্ন লৈছে ৷ তথাপিও তেওঁ চিত্ৰগ্ৰহণৰ সময়ত উদ্বিগ্ন হৈ পৰিছিল ৷ উল্লেখ্য যে, তাণ্ডৱত ছৈইফ আলী খানৰ লগতে ডিম্পল কাপাডিয়া, টিগমানছু ধুলিয়া আৰু সুনীল গ্ৰ’ভাৰ, ডিনো মৰিয়া, কুমুড মিশ্ৰা, গৌহাৰ খান, কৃতিকা কামৰা, সন্ধ্যা মৃদুল, অনুপ ছোনী, হেটেন তেজৱানীৰ লগতে বহু অভিনেতাই অভিনয় কৰিছে ।
লগতে পঢ়ক : মই চলচিত্ৰত প্ৰাইম ৰাণ সীমিত কৰাৰ বিষয়ে জ্ঞাত: তাপসী পন্নু