ETV Bharat / sitara

বলীউডৰ ভিতৰত কি ঘটে ? অভিনেত্ৰী ৰিচা চাদ্ধাই ক'লে

author img

By

Published : Jul 17, 2020, 3:10 PM IST

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে পৰিয়ালবাদ,তাৰকাৰ বিশেষাধিকাৰ,বলীউডৰ পাৰিপাৰ্শ্বিকতা আৰু উদ্যোগটোৰ কিছুমান নিম্নগামী ট্ৰেণ্ড বিৰোধী একাংশ পোষ্টত আলোকপাত কৰি এটা ব্লগ কৰে শ্বেয়াৰ কৰে,অতিনেত্ৰী ৰিচা চাদ্ধাই ৷

অভিনেত্ৰী ৰিচা চাদ্ধা
অভিনেত্ৰী ৰিচা চাদ্ধা

চিটাৰা ডেস্ক, 17 জুলাই: অভিনেত্ৰী ৰিচা চাদ্ধাই পৰিয়ালবাদ,তাৰকাৰ বিশেষাধিকাৰ,বলীউডৰ পাৰিপাৰ্শ্বিকতা আৰু উদ্যোগটোৰ কিছুমান নিম্নগামী ট্ৰেণ্ডৰ বিৰুদ্ধে মন্তব্য কৰা কিছুমান বিতৰ্কমূলক পোষ্টক লৈ এটা ব্লগ শ্বেয়াৰ কৰে ৷

সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনেত্ৰী ৰিচা
সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনেত্ৰী ৰিচা

শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে টুইটাইযোগে এটা ব্লগ শ্বেয়াৰ কৰে,য'ত তেওঁ বলীউড উদ্যোগৰ ভিতৰছোৱাৰ বহু অন্ধকাৰ ঘটনাৰ বিষয়ে এক দীঘলীয়া লিখনী লিখে ৷

তেওঁ টুইটযোগে প্ৰকাশ কৰে,"বলীউড উদ্যোগৰ ভিৰতৰৰ আৰু বাহিৰৰ লোকৰ ক্ষেত্ৰত বিভাজন হয় নেকি ? মোৰ মতামত,হিন্দী বোলছবি উদ্যোগ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ কেৱল দয়ালু আৰু নিৰ্দয়ী লোকৰ মাজত বিভাজিত ৷"

উদ্যোগটোৰ সঞ্চালন কেনেদৰে হয় সেই বিষয়ত ৰেখাপাত কৰি তেওঁ কয়,"মই মোৰ বংশৰ প্ৰথম লোক হিচাপে ইয়াত সংক্ষিপ্ত সময় ব্যয় কৰিছো ৷ মোৰ মতে, এই উদ্যোগে এটি খাদ্য শৃংখলৰ দৰে কাম কৰে ৷ কোনো লোক যেতিয়া হতাহত হয় তেতিয়াহে তেওঁলোকে জানিব পাৰে যে,তেওঁলোক ইয়াৰ পৰা দূৰলৈয়ো যাব পাৰে ৷"

নিজৰ ব্লগত অভিনেত্ৰী গৰাকীয়ে তেওঁৰ আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ কথাও উল্লেখ কৰে ৷ তেওঁ সুশান্তৰ লগত থকা পুৰণি স্মৃতি ৰোমন্থন কৰি কয়, "সুশান্ত আৰু মই এটা ভ্ৰাম্যমাণ গোটত আৰম্ভণিতে একেলগে কাম কৰিছিল ৷ মই পশ্চিম আন্ধেৰীত এটা 700 বৰ্গ ফুটৰ এপাৰ্টমেণ্টত দিল্লীৰ এগৰাকী বন্ধুৰ সৈতে একেলগে থাকিছিলো ৷ সুশান্তে মোক নিজৰ বাইকত লৈ গৈছিল অনুশীলনৰ বাবে ৷ যাৰ বাবে মই তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ ৷"

তেওঁ নিজৰ ব্লগত বলীউডৰ এনে বহু বোলছবি নিৰ্মাতাৰ বিৰুদ্ধেও উল্লেখ কৰে,যিসকলে মহিলা অভনেত্ৰীসকলৰ পৰা সুবিধা ল'ব বিচাৰে ৷ পৰিচালকসকলক সংগ দিবলৈ অস্বীকাৰ কৰা অভিনেত্ৰী সকলে বহু সময়ত হাতলৈ অহা ছবিৰ সুযোগ হেৰুৱাবলগীয়া হয় বুলিও ব্লগযোগে উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: জন্মদিন বিশেষঃ 'বুম'ৰ পৰা 'ভাৰত'লৈকে সহজ নাছিল কেটৰিণাৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.