ETV Bharat / sitara

তৃতীয় দিনৰ বাবে চিবিআইয়ে জেৰা কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক

author img

By

Published : Aug 31, 2020, 8:08 AM IST

Updated : Aug 31, 2020, 8:52 AM IST

বিগত তিনিদিন ধৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ সৈতে সোধপোছ অব্যাহত ৰাখে চিবিআইয়ে ৷ চিবিআইৰ বিষয়ববীয়াই জনোৱা অনুসৰি, ৰিয়া আৰু তেখেতৰ ভাতৃ দেওবাৰে DRDOৰ অতিথিশালাত পুৱা 10.15 উপস্থিত হয় আৰু সন্ধিয়া 7 বজাত উভতে ৷

Rhea grilled by CBI for 3rd day, asked about Sushant's treatment
তৃতীয় দিনৰ বাবে চিবিআইয়ে জেৰা কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক

চিটাৰা ডেক্স, 31 আগষ্টঃ দেওবাৰে প্ৰায় 9 ঘন্টা ধৰি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ চিকিৎসা আৰু দৰৱ সন্দৰ্ভত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰে চিবিআইৰ বিশেষ অনুসন্ধানকাৰী দলে ৷ ইয়াৰ উপৰিও ৰিয়াৰ মেছেজত উল্লেখ কৰা ড্ৰাগছৰ বিষয়েও সোধে চিবিআইয়ে ৷ আনহাতে, অভিনেত্ৰী গৰাকীৰ উত্তৰ সন্তোষজনক নোহোৱা বাবে চিবিআইয়ে তেখেতক পুনৰ সোধপোছ কৰাৰ সম্ভাৱনা আছে ৷

বিগত তিনিদিন ধৰি অভিনেত্ৰীগৰাকীক সোধপোছ অব্যাহত ৰাখিছে চিবিআইয়ে ৷ চিবিআইৰ বিষয়ববীয়াই জনোৱা অনুসৰি, ৰিয়া আৰু তেখেতৰ ভাতৃ দেওবাৰে DRDOৰ অতিথিশালাত পুৱা 10.15 উপস্থিত হয় আৰু সন্ধিয়া 7 বজাত উভতে ৷

চিবিআইৰ এক সূত্ৰই জনোৱা অনুসৰি তেখেতক সুশান্তৰ ক্ৰেডিট কাৰ্ড আৰু চিকিৎসাৰ বাবে বহন কৰা খৰচৰ বিষয়ে প্ৰশ্ন কৰে ৷ দলটোৱে প্ৰয়াত অভিনেতাগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কেনে ধৰণৰ দৰৱ ব্যৱহাৰ কৰা হৈছিল আৰু কিমান দিনলৈ ব্যৱহাৰ কৰা হৈছিল এই ক্ষেত্ৰত আৰু অধিক তথ্য লাভ কৰিব বুলি আশাবাদী ৷

সুত্ৰই আৰু জনায় যে, যেতিয়া সুশান্তৰ চিকিৎসা সেৱা আৰু দৰৱৰ বিষয়ে সোধা হৈছিল তেতিয়া ৰিয়া কিছু দোমোজাত আছিল ৷ ইয়াৰ উপৰিও তেখেতক সুশান্তৰ সমস্যা আৰু তেখতৰ মেছেজত থকা ড্ৰাগছৰ বিষয়ে সোধাৰ সময়তো ৰিয়া কিছু অসহজ হৈ পৰিছিল ৷

ৰিয়াক সুশান্তৰ ঘৰৰ পৰা তেখেতৰ ব্যক্তিগত সামগ্ৰীসমূহ স্থানান্তৰ কৰাৰ উপৰিও সুশান্তৰ পৰিয়ালে দাবী জনোৱাৰ দৰে নিজৰ পৰিয়ালৰ পৰা আঁতৰত ৰখা সন্দৰ্ভটো প্ৰশ্ন কৰে চিবিআইয়ে ৷ লগতে ৰিয়াক নিজৰ আৰ্থিক লেনদেন আৰু বিনিয়োগৰ পৰিকল্পনা সন্দৰ্ভটো সোধপোছ কৰে চিবিআইয়ে ৷

চিবিআইয়ে এইপৰ্যন্ত ৰিয়াৰ ভাতৃ, সুশান্তৰ ব্যক্তিগত সহায়কাৰী নীৰজ সিং, দিপেশ সাৱন্ত আৰু ফ্লেটমেট সিদ্ধাৰ্থ পিথানীকো সোধপোছ কৰিছে ৷

লগতে পঢ়ক: সুশান্তৰ আত্মহত্যাৰ ঘটনা: DRDOৰ অতিথিশালাত উপস্থিত ৰিয়া

Last Updated : Aug 31, 2020, 8:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.