নিউজ ডেক্স,১০ এপ্ৰিলঃ গল্লী বয়ৰ পাছত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত অভিনেতা ৰণবীৰ সিং । সম্প্ৰতি ৰণবীৰ সিং সাজু হৈছে আগন্তুক চলচ্চিত্ৰ " এইট্টি থ্ৰি"ৰ বাবে । চলচ্চিত্ৰখত ১৯৮৩ চনৰ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ প্ৰভাৱশালী বিশ্বকাপ খেলখনৰ ওপৰত আধাৰিত । চলচ্চিত্ৰখনত প্ৰখ্যাত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে । সেইয়ে সম্প্ৰতি ক্ৰিকেটাৰজনৰ দৈহিক অৱয়ৱ তথা তেঁওৰ সৈতে ৰজিতা খাব পৰাকৈ দৈহিক প্ৰশিক্ষণ অব্যাহত ৰাখিছে জনপ্ৰিয় অভিনেতাজনে । শেহতীয়াকৈ অভিনেতাজনে হিমাচল প্ৰদেশৰ পৰা কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰি থকা সময়ৰ কিছু স্থিৰ চিত্ৰ প্ৰকাশ কৰে টুইটাৰ যোগে ।
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/images/2962241_ranveer-2.jpg)