ETV Bharat / sitara

বৰনদী ভটিয়ায়ে তুলিছে ঢৌ

author img

By

Published : May 5, 2019, 8:48 PM IST

অসমীয়া ছবিৰ নতুন ধাৰাৰ সংযোজন ঘটাই শেহতীয়াকৈ অসমৰ প্ৰতিটো ছবিগৃহতে 3 মে'ত মুক্তি লাভ কৰা মাজুলীৰ পটভূমিত নিৰ্মিত ছবি বৰনদী ভটিয়াই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুক্তি লাভৰ তৃতীয়টো দিনাও দৰ্শকৰ সমাদৰে উৎসাহিত কৰি তোলা দেখা গৈছে ছবিখনৰ কলা-কুশলীসকলক

ডিব্ৰুগড়ত অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিবলগীয়া হ'ল ছবিগৃহৰ কৰ্তৃপক্ষ

নিউজডেস্ক,5মে': সাধাৰণতে এনে নহয় ৷ কিন্তু এখন বিশেষ অসমীয়া ছবিৰ ক্ষেত্ৰত ঘটিল এই ঘটনা ৷ দৰ্শকৰ বাবে ছবিঘৰত অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিবলগীয়া হ'ল ছবিঘৰৰ কৰ্তৃপক্ষই ৷ অসমীয়া ছবিৰ নতুন ধাৰাৰ সংযোজন ঘটাই শেহতীয়াকৈ অসমৰ প্ৰতিটো ছবিগৃহতে 3 মে'ত মুক্তি লাভ কৰা মাজুলীৰ পটভূমিত নিৰ্মিত ছবি বৰনদী ভটিয়াই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুক্তি লাভৰ তৃতীয়টো দিনাও দৰ্শকৰ সমাদৰে উৎসাহিত কৰি তোলা দেখা গৈছে ছবিখনৰ কলা-কুশলীসকলক ৷ ইপিনে কিছু কিছু ঠাইত ছবিখনৰ দৰ্শকে এবাৰ চোৱাৰ পাচত পুনৰ বাৰ চাবলৈ ছবিগৃহত উপস্থিত হৈছে দৰ্শক ৷ মুঠৰ ওপৰত অসমত সৰ্বতে এতিয়া বৰনদী ভটিয়ায়-ৰ ঢৌ ৷ ছবিখনৰ পৰিচালক অনুপম কৌশিক বৰাই ৰাইজক ধন্যবাদ জনাই ছবিগৃহই অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিবলগীয়া হোৱাত অসমীয়া ছবিৰ ইতিহাসত এই ছবিখনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ল বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে নদীদ্বীপ তথা সত্ৰনগৰী মাজুলীক মূল পটভূমি হিচাপে লৈ ছবিখনৰ কাহিনীভাগ ৰচনা আৰু পৰিচালনা কৰিছে মাজুলীৰ নবীন পৰিচালক অনুপম কৌশিক বৰাই । লগতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কন্ঠ শিল্পী তৰালী শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.