ETV Bharat / sitara

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰা আৰক্ষীক কোৱাৰেন্টাইন মুম্বাইত

author img

By

Published : Aug 3, 2020, 10:13 AM IST

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত বিহাৰৰ IPS বিষয়া বিনয় তিৱাৰীৰ তত্বাৱধান গঠন হোৱা এটা দল দেওবাৰে মুম্বাইত উপস্থিত হয় ৷ কিন্তু মুম্বাই পৌৰ সভাৰ কৰ্তৃপক্ষই দলটোক তদন্ত কৰাত বাধা প্ৰদান কৰি কোৱাৰেন্টাইন কৰি ৰাখে ৷

Patna IPS officer probing case related to Sushant Singh Rajput's death 'forcibly quarantined' in Mumbai: DGP
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ বাবে যোৱা আৰক্ষীৰ দলক কোৱাৰেন্টাই মুম্বাইত

চিটাৰা ডেস্ক,3 আগষ্টঃ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই নিতৌ লৈছে নতুন ৰূপ ৷ অভিনেতাজনৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 41জনকৈ লোকক সোধ-পোছ কৰা হৈছে ৷

এই ঘটনা সন্দৰ্ভত বিহাৰৰ আৰক্ষী মহানিৰ্দেশক গুপ্তেশ্বৰ পাণ্ডেই কয় যে, IPS বিষয়া বিনয় তিৱাৰীৰ তত্বাৱধান পাটনাৰ পৰা এটা দল গঠন কৰা গৈছে ৷ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ অব্যাহত আছে তদন্ত ৷ মুম্বাইৰ পৌৰ কৰ্তৃপক্ষৰ সৈতে এই দলটোৱে একেলগে তদন্ত অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে ৷ ইফালে,মু্ম্বাইৰ পৌৰ কৰ্তৃপক্ষই IPS বিষয়া বিনয় তিৱাৰীৰ সৈতে 'জোৰপূৰ্বক বিচ্ছিন্ন' হৈছে বুলিও আৰক্ষী মহানিৰ্দেশকগৰাকীয়ে বুলি উল্লেখ কৰে ৷

অন্য এক খবৰৰ বাবে:আজি বিশ্ব সংস্কৃত দিৱস

আৰক্ষী মহানিৰ্দেশক গুপ্তেশ্বৰ পাণ্ডেৰ অভিযোগ অনুসৰি,পাটনাৰ IPS বিষয়া তিৱাৰীয়ে দেওবাৰে মুম্বাইত উপস্থিত হৈছিল ৷ কিন্তু ইয়াৰ পাছতেই বিষয়াগৰাকীক কোৱাৰেন্টাইন কৰি ৰখা হয় ৷

IPS বিষয়া বিনয় তিৱাৰীয়ে সুশান্ত সিং ৰাজপুতৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিজ কৰ্মৰ বাবে দলটোৰ সৈতে পাটনাৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ কথা উল্লেখ কৰে যদিও বিষয়াগৰাকীক বলপূৰ্বক ভাৱে কোৱাৰেন্টাইন কৰা বুলি জানিব পৰা যায় ৷ বহুবাৰ অনুৰোধ কৰাৰ পাছতো দেওবাৰে নিশা 11বজাত কোৱাৰেন্টাইন কৰা হৈছিল বুলি টুইটাৰযোগে উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷

ইফালে,বিহাৰ আৰক্ষীৰ এটা দলেও এই ঘটনাৰ তদন্ত কৰাৰ উদ্দেশ্যেৰে মুম্বাইত উপস্থিত হৈ আছে ৷ প্ৰাথমিক আধাৰত অব্যাহত ৰখা হৈছে তদন্ত ৷ অভিনেতাগৰাকীৰ পিতৃ কেকে সিঙে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত কৰা অভিযোগৰ ভিত্তিতেই কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ ৷

এই সন্দৰ্ভতে তদন্ত কৰাৰ উদ্দেশ্যৰে মুম্বাইত উপস্থিত হৈছিল IPS বিষয়া তিৱাৰীৰ নেতৃত্বত গঠন হোৱা দলটো ৷ কিন্তু মুম্বাইৰ পৌৰ কৰ্তৃপক্ষৰ বাবে দলটোৱে আৰম্ভ কৰিব পৰা নাই কোনো তদন্ত ৷ ইফালে, মুম্বাই কৰ্তৃপক্ষৰ এনে কাণ্ডক তীব্ৰ ভাৱে গৰিহণা দিয়ে বিজেপি নেতা বিনোদ মিশ্ৰই ৷

অন্য এক খবৰৰ বাবে:পঞ্জাৱ সুৰা ট্ৰেজেডী : নিহতৰ সংখ্যা 104লৈ বৃদ্ধি

নেতাগৰাকীয়ে কয় মই এই ঘটনাক তীব্ৰ ভাৱে নিন্দা কৰো ৷ মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ক'ব বিচাৰো যে, সমগ্ৰ বিশ্বই আজি অভিনেতাগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰিব বিচাৰে ৷ এই ঘটনাৰ তদন্ত সন্দৰ্ভত বৰ্তমান বিহাৰ আৰক্ষীয়ে সঘনাই মুম্বাইলৈ অহা-যোৱা কৰি থকা পৰিলক্ষিত হৈছে ৷ কিন্তু মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত কোনো সহযোগিতা কৰা পৰিলক্ষিত হোৱা নাই বিহাৰ আৰক্ষীক ৷

ইয়াৰ লগতে, বিজেপি নেতাগৰাকীয়ে কয় যে,মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকীৰ মৃত্য সন্দৰ্ভত কোনো তদন্ত নিজাববীয়াকৈ কৰা নাই ৷ বিহাৰৰ IPS বিষয়া তিৱাৰীয়ে আগবাঢ়ি অহাৰ পাছতো আৰক্ষীৰ দলটোক কোনো সহায় কৰা নাই মুম্বাই আৰক্ষীয়ে ৷

দেওবাৰে IPS বিষয়া তিৱাৰীয়ে মুম্বাইত উপস্থিত হোৱাৰ পাছতেই সাংবাদিকৰ আগত কয় যে,তদন্ত সঠিক দিশেৰে গৈ আছে ৷ আমাৰ টীমে এসপ্তাহ ধৰি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মুম্বাইত ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰেমিকা আছিল ৰিয়া চক্ৰৱৰ্তী ৷ অভিনেতাগৰাকীৰ পৰিয়ালৰ লগতে অভিনেতাগৰাকীৰ তিনি বান্ধবীয়ে চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰে ৷

মহাৰাষ্ট্ৰ আৰক্ষীৰ মন্তব্য অনুসৰি, চলচিত্ৰ নিৰ্মাতা মহেশ ভাট, চলচিত্ৰ সমালোচক ৰাজীৱ মাসান্দ,পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আৰু চিত্ৰনায়ক আদিত্য চোপড়াসহ 41জনকৈ লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে এই ঘটনা সন্দৰ্ভত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.