নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: পৰিচালক জয়দ্বীপ চোপ্ৰাৰ সংগীন ছবিত নাৱাজ উদ্দিন চিদ্দিকিক দেখিবলৈ পোৱা যাব ৷ ছবিখনৰ নিৰ্মাতাই সোমবাৰে এই কথা ঘোষণা কৰি কয় যে সংগীন ছবিত নাৱাজুদ্দিন চিদ্দিকিক তেওঁৰ চেক্ৰেদ গেমছ ৰ সহ-অভিনেত্ৰী এলনাজ নৰৌজীৰ সৈতে দেখিবলৈ পোৱা যাব ৷
লণ্ডন আৰু মুম্বাইত দৃশ্য়গ্ৰহন হ'বলগা ছবিখন 2021 ত ছবিগৃহলৈ আহিব বুলি জানিব পৰা গৈছে ৷ চিদ্দিকিয়ে ছবিখনক ব্যতিক্ৰমী বুলি আখ্যা দি কয় যে ছবিখনৰ মননশীল চৰিত্ৰটোক কেনেকৈ চৰিত্ৰায়ন কৰিব সেই লৈ তেওঁ যথেষ্ট শিহৰিত হৈ আছে ৷
অভিনেতা গৰাকীয়ে এক মন্তব্য প্ৰকাশ কৰি কয় যে , "চেক্ৰেড গেমছত কাম কৰাৰ পাছত এলনাজ নৰৌজীৰ সৈতে পুনৰ একেটা টিমতে কাম কৰাৰ মোৰ এক ইচ্ছা আছে ৷ ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ পৰীক্ষণমূলক ৷ তথাপি মোৰ বিশ্বাস আছে যে জয়দ্বীপ চোপ্ৰাই এইক্ষেত্ৰত সম্পূৰ্ণ ন্যায় কৰিব আৰু আমি সকলোৱে মিলি এক ভাল কাম ৰাইজক উপহাৰ দিব পাৰিম ৷"
অভিনেত্ৰী এলনাজ নৰৌজীয়েও কয় যে নেটফ্লিক্সৰ জনপ্ৰিয় অপৰাধমূলক নাটক চেক্ৰেড গেমছত একেলগে কাম কৰাৰ পাছত চিদ্দিকিৰ সৈতে পুনৰ একেলগে কাম কৰিবলৈ সুবিধা পোৱাৰ বাবে তেওঁ নিজকে ভাগ্যবান বুলি অনুভৱ কৰে ৷
সংগীন ছবিখন গুৰজিত সিং আৰু অংকিত খান্নাই যুটীয়া ভাৱে প্ৰযোজনা কৰিছে ৷ ছবিখনৰ চিত্ৰনাট্য লিখা চোপ্ৰাই কয় যে ছবিখনৰ বাবে তেওঁৰ মনলৈ নাৱাজ উদ্দিন চিদ্দিকিৰ বাদে আন্য কাৰোৰে নাম মনলৈ অহা নাই ৷ চিদ্দিকিৰ মেন্ট'ত কাম কৰা গায়ক তথা গীতিকাৰ আৰু ৰেপাৰ ৰফটাৰ এই ছবিখনৰ সংগীতৰ বাবে চুক্তিবদ্ধ হৈছে ৷ ৰফটাৰে কয় যে পোনপ্ৰথমবাৰৰ বাবে এখন ছবিৰ সম্পূৰ্ণ সংগীতৰ কাম কৰিবলৈ যথেষ্ট উৎসুক হৈ আছে ৷
লগতে পঢ়ক: হিন্দী বোলছবিত সুযোগ নোপোৱাক লৈ আক্ষেপ নাই শ্ৰুতি হাছানৰ