ETV Bharat / sitara

অস্কাৰত ভাৰতৰ অফিচিয়েল এন্ট্ৰি মলায়ালম ছবি ‘জালিকট্টু’ - জালিকট্টু

‘জালিকট্টু’ ছবিখন হৰিশৰ চুটিগল্প মাৱিষ্ট, ষ্টাৰ এন্টনি ভাৰ্গিছ, ছেম্বান বিনোদ জোশ, চাবুমন আবদুছামাদ আৰু ছেন্থী বালাছন্দ্ৰনৰ ওপৰত আধাৰিত ৷ উল্লেখ্য হিন্দীকে আদি কৰি বিভিন্ন ভাষাৰ মুঠ 27 খন ছবি এই শিতানৰ বাবে বাছনি কৰা হৈছিল ৷ কিন্তু ভাৰতক অস্কাৰত প্ৰতিনিধিত্ব কৰাৰ বাবে জুৰিয়ে ‘জালিকট্টু’ক নিৰ্বাচন কৰে ৷

Malayalam film 'Jallikattu' India's Oscar entry
অস্কাৰত ভাৰতৰ অফিচিয়েল এন্ট্ৰি মলায়ালম ছবি ‘জালিকট্টু’
author img

By

Published : Nov 25, 2020, 9:04 PM IST

চিটাৰা,25 নৱেম্বৰঃ অস্কাৰত ভাৰতৰ অফিচিয়েল এন্ট্ৰি হিচাপে নিৰ্বাচিত হৈছে মলায়ালম ছবি ‘জালিকট্টু’ ৷ লিজ’ জোছ পেল্লীছেৰীৰ দ্বাৰা পৰিচালিত ছবিখন International Feature Film শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা বুলি বুধবাৰে ঘোষণা কৰে ফিল্ম ফেডাৰেছন অব ইণ্ডিয়াই ৷ কচাইখানাৰ পৰা লৰ মৰা এটা ষাঁড় গৰুক পিছপৰা পাহাৰীয়া এটা অঞ্চলৰ গোটেই ৰাইজে লগ হৈ বধ কৰিবলৈ আগবাঢ়ি অহা সন্দৰ্ভত দেখুওৱা হৈছে ছবিখনত ৷

‘জালিকট্টু’ ছবিখন হৰিশৰ চুটিগল্প মাৱিষ্ট, ষ্টাৰ এন্টনি ভাৰ্গিছ, ছেম্বান বিনোদ জোশ, চাবুমন আবদুছামাদ আৰু ছেন্থী বালাছন্দ্ৰনৰ ওপৰত আধাৰিত ৷ উল্লেখ্য হিন্দীকে আদি কৰি বিভিন্ন ভাষাৰ মুঠ 27 খন ছবি এই শিতানৰ বাবে বাছনি কৰা হৈছিল ৷ কিন্তু ভাৰতক অস্কাৰত প্ৰতিনিধিত্ব কৰাৰ বাবে জুৰিয়ে ‘জালিকট্টু’ক নিৰ্বাচন কৰে ৷

জুৰি বৰ্ডৰ অধ্যক্ষ ছবি নিৰ্মাতা ৰাহুল ৰাৱাইলে ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি কয়, এই ছবিখনে মানৱ প্ৰজাতিৰ মাজত থকা প্ৰকৃত সমস্যাসমূহক উদঙাই দিয়ে যে মানুহ জাতি জন্তুতকৈয়ো ভয়ানক ৷ আনহাতে, পেল্লীছেৰী সন্দৰ্ভত তেখেতে মন্তব্য কৰি কয়, ‘পেল্লীছেৰী অত্যন্ত দক্ষ পৰিচালক’ ৷ তেখেতে ইয়াৰ পূৰ্বে পৰিচালনা কৰা ‘আংগামালি ডায়েৰীজ’, ‘এ মা য়াউ’ আদিৰ কেইবাখনো ছবিয়ে সমালোচকৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷ ‘জালিকট্টু’ এনে এখন ছবি যাক দেশে সদায় সোঁৱৰিব কৰিব লাগিব ৷

উল্লেখ্য যে, জালিকট্টু ছবিখন 2019 বৰ্ষৰ 6 ছেপ্টেম্বৰত ‘Toronto International Film Festival’ত প্ৰদৰ্শন কৰা হৈছিল আৰু ই দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক-আদিল হুছেইন অভিনীত নেটফ্লিক্স ড্ৰামা ‘দিল্লী ক্ৰাইম’এ লাভ কৰিছে এমী এৱাৰ্ড 2020

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.