ETV Bharat / sitara

ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট

author img

By

Published : Sep 16, 2020, 8:51 AM IST

বলিউডৰ বলিষ্ঠ অভিনেতা সঞ্জয় দত্তই কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ পত্নী মান্যতা দত্তই ভয়ৰ সতে যুঁজ দিয়াৰ ক্ষেত্ৰত ইন্ষ্টাগ্ৰামযোগে এক প্ৰেৰণামূলক প'ষ্ট শ্বেয়াৰ কৰে ৷

ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট
ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট

চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ: কৰ্কট ৰোগত আক্ৰান্ত গৈছে বলিউডৰ বলিষ্ঠ অভিনেতা সঞ্জয় দত্ত ৷ সম্প্ৰতি তেওঁ কৰ্কট ৰোগত চিকিৎসা গ্ৰহণ কৰি আছে ৷ তেনে সময়তে তেওঁৰ পত্নী মান্যতা দত্তই ভয়ৰ সতে যুঁজ দিয়াৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণামূলক প'ষ্ট শ্বেয়াৰ কৰে ৷

মান্যতা দত্তই নিজৰ এখন থ্ৰ'বেক ফটোসহ তেওঁ ইন্ষ্টাগ্ৰামত লিখে, "ভয়ৰ দুটা অৰ্থ আছে: সকলো পাহৰা আৰু সকলোৰে সৈতে মুখামুখি হৈ উজ্বলি উঠা...পচন্দ আপোনাৰ নিজৰ !"

ফটোখনত মান্যতাই এটা অট্টালিকাৰ সন্মুখত সেউজীয়া আৰু গোলপীয়া ৰঙৰ পোছাক পিন্ধি প'জ দিয়া পৰিলক্ষিত হৈছে ৷ বিগত মাহতো মান্যতাই শান্তি, ৰক্ষা আৰু ইতিবাচকতাৰ কামনাৰে ভগৱান গণেশক প্ৰাৰ্থনা জনাই ইন্ষ্টাগ্ৰাম যোগে এক প'ষ্ট শ্বেয়াৰ কৰিছিল ৷

11 আগষ্টত শ্বাস-প্ৰশ্বাসজনিত কাৰণ আৰু বুকুত অসুবিধা পোৱাৰ বাবে অভিনেতা সঞ্জয় দত্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তেতিয়া তেওঁ চিকিৎসাৰ বাবে কিছুদিন অৱকাশ ল'ব বুলি জনাইছিল ৷ অৱশ্যে বৰ্তমানলৈ অভিনেতা গৰাকীয়েই হওক বা তেওঁৰ পৰিয়ালবৰ্গয়েই হওক, আনুষ্ঠানিকভাৱে তেওঁলোকে এই পৰ্যন্ত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷

কিন্তু বাণিজ্য বিশ্লেষক তথা ফিল্ম ইণ্ডাষ্ট্ৰীৰ আভ্যন্তৰীণ সুত্ৰ কোমল নাহটাই প্ৰকাশ কৰা অনুসৰি, অভিনেতা গৰাকী হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ "সঞ্জয় দত্ত হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ আহক সকলোৱে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰো" বুলি তেওঁ টুইট কৰিছিল ৷

লগতে পঢ়ক: মায়ানগৰীত স্বপ্ৰতিভাৰে জিলিকিছে অসম কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.