ছিটাৰা ডেস্ক, 31 অক্টোবৰ : আত্মহত্যাৰ প্ৰৱণতা সম্পৰ্কত মুখ খুলিলে পপ তাৰকা জাষ্টিন বিবাৰে ৷ Justin Bieber: Next Chapter নামৰ শেহতীয়া তথ্যচিত্ৰৰ জৰিয়তে নিজৰ মানসিক স্বাস্থ্য সম্পৰ্কত মন্তব্য কৰে বিশ্ববিখ্যাত গায়কগৰাকীয়ে ৷
তেওঁ কয়, "এনেকোৱা সময় আহিছিল যেতিয়া মোৰ আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছিল ৷ ভাবিছিলো এই কষ্টবোৰ কেতিয়াবা শেষ হ'ব নে ? সেই কষ্ট ধাৰাবাহিক ভাবে হৈ গৈছিল ৷ মই কেৱল কষ্ট পাই আছিলো ৷ সেয়েহে ইয়াক অনুভৱ কৰাতকৈ অনুভৱ নকৰো বুলি চিন্তা কৰিছিলো ৷"
শুকুৰবাৰে প্ৰকাশ পোৱা তথ্যচিত্ৰত এনেদৰে মন্তব্য কৰে 26 বৰ্ষীয় পপ তাৰকাগৰাকীয়ে কয় যে, নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে ইয়াৰ পৰা আৰোগ্য হ'বলৈ সক্ষম হৈছিল ৷
-
The last 8 months have been a time for growth. Happy and healthy. #JBNextChapter out now on @youtube https://t.co/9ejWpaDY8n pic.twitter.com/3LzVILILXI
— Justin Bieber (@justinbieber) October 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">The last 8 months have been a time for growth. Happy and healthy. #JBNextChapter out now on @youtube https://t.co/9ejWpaDY8n pic.twitter.com/3LzVILILXI
— Justin Bieber (@justinbieber) October 30, 2020The last 8 months have been a time for growth. Happy and healthy. #JBNextChapter out now on @youtube https://t.co/9ejWpaDY8n pic.twitter.com/3LzVILILXI
— Justin Bieber (@justinbieber) October 30, 2020
বিবাৰে লগতে নিজৰ অনুৰাগীলৈও এক আহ্বান জনায় ৷ তেওঁ কয়, "মই সকলোকে উৎসাহিত কৰিব বিচাৰো, আপোনালোকে যদি অকলশৰীয়া অনুভৱ কৰিছে, সেই বিষয়ে কথা পাতক ৷ চিঞৰি চিঞৰি কওক ৷ আপোনাৰ বাক স্বাধীনতা আছে ৷ মইও এনেকুৱা কৰা হ'লে বহু কষ্টৰ পৰা মুক্ত হ'ব পাৰিলোহেঁতেন ৷"
তথ্যচিত্ৰ প্ৰকাশ হোৱাৰ পাচত টুইটাৰৰ জৰিয়তে জাষ্টিন বিবাৰে নিজৰ মানসিক স্বাস্থ্য সম্পৰ্কত অনুৰাগীক ব্যাখ্যাও কৰে ৷ টুইটাৰত তেওঁ কয়, "যোৱা 8 মাহ মোৰ বাবে শ্ৰীবৃদ্ধিৰ সময় আছিল ৷ এতিয়া সুখী আৰু স্বাস্থ্যকৰ ৷"
লগতে পঢ়ক : 'লোপ লপেটা'ৰ শ্বুটিঙলৈ অধিৰ আগ্ৰহেৰে ৰৈছে তাহিৰ ৰাজ ভাছিন