ETV Bharat / sitara

'Anyone' শীৰ্ষক ভিডিঅ’ত টাটু অবিহনে দেখা গৈছে জাষ্টিন বিবাৰক

'Anyone' শীৰ্ষক গানৰ ভিডিঅ’টিৰ পৰ্দাৰ আঁৰৰ ফটো শ্বেয়াৰ কৰিছে কানাডিয়ান গায়ক জাষ্টিন বিবাৰে ৷ ভিডিঅ’টিত জাষ্টিনক টাটু অবিহনে দেখিবলৈ পোৱা গৈছে ৷

author img

By

Published : Jan 2, 2021, 1:21 PM IST

Justin Bieber
জাষ্টিন বিবাৰ

চিটাৰা ডেস্ক,2 জানুৱাৰী : শেহতীয়া গানৰ ভিডিঅ’ 'Anyone'ৰ বাবে শাৰীৰিকভাৱে কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে কানাডিয়ান গায়ক জাষ্টিন বিবাৰক ৷ শুকুৰবাৰে চ’ছিয়েল মিডিয়াযোগে অনুৰাগীসকলৰ বাবে এখন ফটো শ্বেয়াৰ কৰে জাষ্টিনে ৷ জাষ্টিনৰ গোটেই দেহত টাটু আছে যদিও ভিডিঅ’টিত জাষ্টিনক টাটু অবিহনে দেখা গৈছে ৷

ইনষ্টাগ্ৰামযোগে 26 বৰ্ষীয় জনপ্ৰিয় গায়কজনে মেক্ আপ ৰুমৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে ৷ ফটোখনত জাষ্টিনে আইনাৰ সন্মুখত বহি আছে আৰু তেওঁৰ কাষত মেক্ আপ আৰ্টিষ্ট থিয় হৈ থকা পৰিলক্ষিত হৈছে ৷ মেক্ আপ আৰ্টিষ্টে জাষ্টিনৰ দেহৰ টাটুবোৰ ঢাকিবলৈ আৰম্ভ কৰিছে ৷

ফটোখনৰ কেপচনত জাষ্টিনে লিখিছে, "No tats for the #Anyonevideo." ৷ ভিডিঅ’টিত সম্পূৰ্ণৰূপে জাষ্টিনৰ টাটুবোৰ ঢাকি ৰখা হৈছে ৷ জাষ্টিনে এটি ৰিঙত খেলি থকাৰ লগতে ব্যায়াম কৰি থকাও দেখা গৈছে ৷

টাটু অবিহনে এই নতুন ৰূপত জাষ্টিনক দেখি ভিন্ন মত প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷ কিছু সংখ্যকে এইটো 2010ৰ নিচিনা অৰ্থাৎ জাষ্টিনক কিশোৰৰ নিচিনা দেখা বুলি কোৱাৰ লগতে আন কিছু সংখ্যক অনুৰাগীয়ে তেওঁক অদ্ভুত দেখা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : সদায় মৰম আৰু পোহৰ:দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা প্ৰীতি জিন্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.