নিউজ ডেস্ক, 14 মাৰ্চ : বাহুবলীৰ পৰিচালক এচ এচ ৰাজামৌলীৰ আহিবলগীয়া ছবি 'আৰ আৰ আৰ' ৰ ফাৰ্ষ্ট লুক মুকলি ৷ আগন্তুক বৰ্ষৰ 30 জুলাইত মুক্তি পাব ছবিখন ৷ হিন্দী, তেলেগু, তামিল, মালয়ালম আদি কেইবাটাও ভাষাত মুক্তি পাব 'আৰ আৰ আৰ' ৷
'আৰ আৰ আৰ' ৰ মুখ্য় চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাটে ৷ আলিয়াৰ উপৰিও ছবিখনত অভিনয় কৰিব জুনিয়ৰ এন টী আৰ, ৰাম চৰণ আৰু অজয় দেৱগন- এ ৷ প্ৰাক স্বাধীনোত্তৰ কালৰ দুগৰাকী মুক্তিযুঁজাৰুৰ জীৱন কাহিনীক লৈ নিৰ্মিত হ'ব ছবিখন ৷ ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ শ্বুটিঙৰ কাম ৷ হাইদৰাবাদস্থিত ৰাম'জি ফ্লিম চিটিত 'আৰ আৰ আৰ' ৰ কেইবাটাও দৃশ্যাংশৰ শ্বুটিং সম্পন্ন হৈছে ৷ ছবি সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ৷