ETV Bharat / sitara

৫ আগষ্টত ভাৰতত মুক্তি পাব 'Fast and Furious 9'

ভাৰতত মুক্তি দিয়াৰ বাবে সাজু 'Fast and Furious'ৰ নৱম সংস্কৰণ । ভিন ডিজেল, জন চিনা আৰু কাৰ্ডি বি অভিনীত ছবিখন ৫ আগষ্টত ভাৰতত মুক্তি দিয়া হ'ব । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰা হয় ।

author img

By

Published : Jul 8, 2021, 9:08 PM IST

'Fast and Furious 9' will release in India on August 5
৫ আগষ্টত ভাৰতত মুক্তি পাব 'Fast and Furious 9'

চিটাৰা ডেস্ক, ৮ জুলাই : ৫ আগষ্টত ভাৰতত মুক্তি পাব বহু প্ৰতিক্ষীত ছবি 'Fast and Furious'ৰ নৱম সংস্কৰণ । ভিন ডিজেল অভিনীত ছবিখন ভাৰতত ইংৰাজী, হিন্দী, তামিল, তেলেগু আৰু কানাড়া ভাষাত মুক্তি পাব । জাষ্টিন লিনে পৰিচালনা কৰা "F9" হৈছে জনপ্ৰিয় 'Fast and Furious' ছিৰিজৰ নৱম সংস্কৰণ । ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চীন, ৰাছিয়া, কোৰিয়া, হংকং আৰু মধ্য প্ৰাচ্যত ছবিখন মুক্তি দিয়া হৈছে ।

ভিন ডিজেলৰ উপৰিও মিচেল ৰ'ড্ৰিগেজ, টাইৰিজ গিবচন, জৰ্ডানা ব্ৰুষ্টাৰ, ক্ৰিছ ব্ৰিজ, নাথালে ইমানুৱেল, হেলেন মিৰেন আৰু চাৰ্লিজ থেৰনে ছবিখনত অভিনয় কৰিছে । ছবিখনত নতুন কলা-কুশলীসকলৰ সৈতে জন চিনা আৰু কাৰ্ডি বি আৰু অজুনাক শক্তিশালী ৰূপত তেওঁলোকৰ চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছে । ইউনিভাৰ্চেল পিকচাৰ্ছে নিৰ্মাণ কৰা ছবিখনৰ কাহিনীভাগ লিখিছে জাষ্টিন লিন আৰু ডেনিয়েল কেচেই । ২০১৭ চনত মুক্তি লাভ কৰা "দ্য ফেট অৱ দ্য ফিউৰিয়াছ"(The Fate of the Furious)ৰ নৱম সংস্কৰণ আৰু ইউনিভাৰ্চেল পিকচাৰ্ছে নিৰ্মাণ কৰা দশমখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ।

"দ্য ফাষ্ট এণ্ড ফিউৰিয়াছ"ৰ কাহিনীয়ে দৰ্শকক আপ্লুত কৰিছিল । ২০০১ চনত মুক্তি পোৱা প্ৰথমখন ছবিৰ জৰিয়তে বিশ্বজুৰি ৫ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক সংগ্ৰহ কৰিছিল নিৰ্মাতাই । ছবিখনে ৫০০ মিলিয়ন মাৰ্কিন ডলাৰৰো অধিক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

শেহতীয়া সংস্কৰণত ডম (ডিজেল) আৰু লেট্টী(ৰড্ৰিগেজ) আৰু তেওঁলোকৰ সৰু পুত্ৰক মূল চৰিত্ৰ হিচাপে লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল । বিপদ, শান্তিৰে জীৱন যাপন কৰাৰ সময় এই সকলোবোৰ ছবিখনত দেখুওৱা হৈছিল । এইবাৰ একচন আৰু ড্ৰামাই আকৰ্ষিত কৰিব দৰ্শকক । গাড়ীসমূহক লৈ কৰা অতিৰিক্ত ৰোমাঞ্চকৰ দৃশ্যই দৰ্শকক আপ্লুত কৰিব বুলি ছবি নিৰ্মাতাই আশা প্ৰকাশ কৰিছে । ছবিখনত এটা ৰকেটেৰে এখন বাহনক মহাকাশলৈ পঠিয়াই দিয়াৰ দৃশ্যও দেখুওৱা হৈছে ।

লগতে পঢ়ক:দিলীপ কুমাৰ: ট্ৰেজেডী কিঙৰ বলীউডৰ পৰিক্ৰমা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.