ETV Bharat / sitara

New Assamese film : শীঘ্ৰেই মুক্তি পাব নতুন ছবি একলব্য - নতুন ছবি একলব্য

বছৰৰ আৰম্ভণিতে অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে আহিল এক সুখবৰ ৷ দীৰ্ঘদিনীয়া বিৰতিৰ পাছত মুক্তিৰ বাবে সাজু বিনোদনধৰ্মী অসমীয়া ছবি ‘একলব্য’ (New Assamese Film Ekalavya) ৷ বিভিন্ন ৰসৰ সমাহাৰেৰে পৰিপূৰ্ণ "একলব্য"ক লৈ আশাবাদী অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজ ৷

Ekalavya The New Assamese Film
আহি আছে ‘একলব্য’
author img

By

Published : Dec 20, 2021, 8:42 PM IST

মৰাণ, 20 ডিচেম্বৰ : অসমীয়া বোলছবি প্ৰেমীৰ বাবে ভাল খবৰ । ইংৰাজী নৱবৰ্ষৰ প্ৰথম সপ্তাহতে মুক্তি লাভ কৰিব এখন নতুন অসমীয়া বোলছবি ‘একলব্য’ (Assamese Film Ekalavya)। অভিজ্ঞ পৰিচালক আলফ্ৰেড খানৰ পৰিচালনাত নিৰ্মিত ছবিখনে ইতিমধ্যে চলচিত্ৰ প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । চলচিত্ৰখনৰ প্ৰচাৰৰ উদ্দেশ্যে দেওবাৰে সন্ধিয়া টিম 'একলব্য' হঠাৎ উপস্থিত হয় টিংখাঙত ।

টিংখাঙৰ ৰাজগড়ত টিম একলব্যক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হয় । ছবিখনৰ মূল অভিনেতা-অভিনেত্ৰী কমল লোচন, ৰূপচন্দা শৰ্মাৰ লগতে চিন্ময় কটকী, হিমাংশু গগৈ, অতনু মহন্ত, কৰিশ্মা পূজাৰী, সংগীত নিৰ্দেশক অৰূপজ্যোতি বৰুৱাকে ধৰি ছবিখনৰ লগত জড়িত বহুকেইগৰাকী শিল্পী, কলা-কুশলী উপস্থিত থাকে ।

আহি আছে ‘একলব্য’

টিংখাঙৰ ৰাইজৰ লগত অনুষ্ঠিত অন্তৰঙ্গ অনুষ্ঠানত অভিনেতা কমল লোচনে(Assamese actor kamal Lochan) একলব্য এখন সম্পূৰ্ণ বিনোদনধৰ্মী ছবি বুলি উল্লেখ কৰে ৷ তেওঁ চলচিত্ৰখনৰ জৰিয়তে দৰ্শকে একচন, ৰোমাঞ্চ, হাঁহি-কান্দোন এই সকলো উপাদান লাভ কৰিব বুলি উল্লেখ কৰে ।

অভিনেতাগৰাকীয়ে চৰকাৰ আৰু ডিট্ৰিবিউটৰসকলক ছবিখন প্ৰদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় ৷ ছবিখনৰ প্ৰ’ম’ 21 ডিচেম্বৰৰ ভিতৰত ছ’চিয়েল মিডিয়াত মুকলি কৰাৰ কথা জানিবলৈ দিয়ে অভিনেতা কমল লোচনে ৷

লগতে পঢ়ক: নাট্যকলা পুৰস্কাৰেৰে সন্মানিত হ’ল বাক্সাৰ ছায়াশ্ৰী বসুমতাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.