ETV Bharat / sitara

কান চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ সন্মানৰ অধিকাৰী হ'ল জুলিয়া ডুকুৰনাউ - টাইটেন

ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা জুলিয়া ডুকুৰনাউৰ ছবি টাইটেনে(Titane) লাভ কৰে কান মহোৎসৱৰ (Cannes) শীৰ্ষ সন্মান Palme d’Or ৰ খিতাপ । মহিলা চলচ্চিত্ৰ নিৰ্মাতা হিচাপে এই খিতাপ লাভ কৰা তেওঁ দ্বিতীয়গৰাকী ।

Cannes 2021
কান চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ সন্মানৰ অধিকাৰী হ'ল জুলিয়া ডুকুৰনাউ
author img

By

Published : Jul 18, 2021, 1:39 PM IST

চিটাৰা ডেস্ক, ১৮ জুলাই : শনিবাৰে আয়োজন কৰা হয় কান চলচ্চিত্ৰ মহোৎসৱৰ (Cannes) সামৰণি অনুষ্ঠান । বিশ্বৰ চলচ্চিত্ৰ জগতৰ অতি উল্লেখনীয় কান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল ফ্ৰান্সৰ কেনেল প্লাছ নামৰ চেনেলত । ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা জুলিয়া ডুকুৰনাউৰ ছবি টাইটেনে(Titane) লাভ কৰে কান মহোৎসৱৰ শীৰ্ষ সন্মান Palme d’Or ৰ খিতাপ ।

ইফালে বিভিন্ন খেলিমেলিৰ মাজেৰে সম্পন্ন হয় এই বঁটা বিতৰণী অনুষ্ঠান । কিয়নো ভূলবশতঃ সামৰণি অনুষ্ঠানৰ আৰম্ভণিতেই কান শীৰ্ষ সন্মান ঘোষণা কৰিছিল জুৰী সভাপতি স্পাইক লীয়ে । যাকলৈ বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল ।

Cannes 2021
কান চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ সন্মানৰ অধিকাৰী হ'ল জুলিয়া ডুকুৰনাউ

স্পাইক লীয়ে তাৰ পূৰ্বে সুধিছিল কোনটো পুৰষ্কাৰ প্ৰথমতে দিয়া হ'ব । তাৰ পৰাই আৰম্ভ হৈছিল অনুষ্ঠানটোৰ খেলিমেলি । যাৰ বাবে অনুষ্ঠানটোত ক্ষমাও বিচাৰিছে স্পাইক লীয়ে । অৱশ্যে অনুষ্ঠানৰ শেষত আনুষ্ঠানিক ঘোষণা নোহোৱালৈকে বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ অহা নাছিল জুলিয়া ডুকুৰনাউ ।

অৱশ্যে অনুষ্ঠানৰ আৰম্ভণিতে বঁটা সম্পৰ্কে ইংগিতো লাভ কৰি অতি আৱেগিক হৈ পৰিছিল চলচ্চিত্ৰ নিৰ্মাতা জুলিয়া ডুকুৰনাউ । দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ডেকুৰনাউয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় । চলচ্চিত্ৰৰ আটাইতকৈ প্ৰিষ্টিজিঅ' বঁটাসমূহৰ ভিতৰত কানৰ শীৰ্ষ সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আছিল জেন কেম্পিয়ন(Jane Campion) । তেওঁ ১৯৯৩ চনত দ্য পিয়ানোৰ (The Piano) বাবে লাভ কৰিছিল এই সন্মান ।

কান ২০২১ৰ বঁটা বিজয়ী সকল

  • পালমে ডি'অৰ(Palme d’Or) : টাইটেন, জুলিয়া ডুকুৰনাউ
  • অভিনেতা : কালেব লেণ্ড্ৰী জোনছ (Caleb Landry Jones), নিট্ৰাম (Nitram)
  • অভিনেত্ৰী : ৰেনেট ৰেনচেভ ( Renate Reinsve), দ্য ৱৰ্চত পাৰচন ইন দ্য ৱৰ্লড (The Worst Person in the World)
  • পৰিচালক : লিওচ কেৰাক্স (Leos Carax), এনেট ( Annette)
  • গ্ৰেণ্ড প্ৰিক্স : এ হিৰো(A Hero) ছবিৰ বাবে পৰিচালক অছগৰ ফাৰহাদী ( Asghar Farhadi) আৰু কম্পাৰ্টমেণ্ট নং ৬(Compartment No. 6) ছবিৰ বাবে জুহো কুওচমানেন (Juho Kuosmanen)
  • জুৰী প্ৰাইজ: আহেদচ নি( Ahed’s Knee) ছবিৰ বাবে পৰিচালক নাদাভ লাপিড (Nadav Lapid) আৰু মেমৰিয়া (Memoria) ছবিৰ বাবে আপিচাটপং ৱেৰেচেথাকুল (Apichatpong Weerasethakul)
  • স্ক্ৰিনপ্লে :ড্ৰাইভ মাই কাৰ( Drive My Car) ছবিৰ বাবে ৰিউচুকে হামাগুচি (Ryusuke Hamaguchi) আৰু তাকামাচা ও (Takamasa Oe)
  • পাম ড'গ বঁটা : দ্য চৌভেনিয়াৰ II (The Souvenir II), স্নোবেয়াৰ,ৰোজি, আৰু ডোৰা

লগতে পঢ়ক:মুম্বাইত অক্ষয়, জেকলিন আৰু নুছৰাতে কি কৰিছে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.