ETV Bharat / sitara

'BLACK PANTHER'ৰ অভিনেতা ছাডৱিক ব'ছমেনৰ অকাল বিয়োগ

author img

By

Published : Aug 29, 2020, 12:24 PM IST

দুৰ্দান্ত অভিনয়েৰে অনুৰাগীৰ মৰম বুটলিবলৈ আৰু নাই মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চত 'BLACK PANTHER' ৰূপে খ্যাত ছাডৱিক ব'ছমেন । কৰ্কট ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে ছাডৱিক ব'ছমেনৰ । ৪৩ বছৰ বয়সতে অকাল বিয়োগ ঘটাত শোকবিহ্বল হৈ পৰিছে অনুৰাগীসকল ।

'BLACK PANTHER'ৰ অভিনেতা স্বদ্বিক ব'ছমেনৰ অকাল বিয়োগ

ছিটাৰা ডেস্ক, ২৯ আগষ্ট: অভিনয়েৰে লাখ লাখ অনুৰাগীৰ অন্তৰ জয় কৰা ছাডৱিক ব'ছমেনৰ অকাল বিয়োগ । ৪৩ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিৰবিদায় মাগিলে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চত 'BLACK PANTHER' ৰূপে খ্যাত তাৰকাগৰাকীয়ে । বিগত ৪বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ব'ছমেন । অবশেষত শুকুৰবাৰে মৃত্যুৰে হাৰ মানিলে তাৰকাগৰাকীয়ে ।

লছ এঞ্জেলছস্থিত নিজ বাসগৃহতে মৃত্যু হয় ছাডৱিক ব'ছমেনৰ । তাৰকাগৰাকীৰ মৃত্যুৰ পিছতে শোকৰ ছাঁ পৰিছে অনুৰাগীৰ মাজত । কৰ্তব্যনিষ্ঠ অভিনেতাগৰাকীয়ে কেম' থেৰাপী আৰু কেইবাটাও অস্ত্ৰোপচাৰ চলি থকাৰ মাজতে বহুকেইখন ছবিত কাম কৰিছিল । যোৱা এপ্ৰিলত ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে অসুস্থ অৱস্থাতে তাৰকাগৰাকীয়ে অনুৰাগীৰ সৈতে বাৰ্তালাপ কৰিছিল । তাৰকাগৰাকীৰ শাৰীৰিক অৱস্থাই তেওঁৰ অনুৰাগীক নিৰাশ কৰিছিল । অৱশ্যে কেম' থেৰাপী আৰু অস্ত্ৰোপচাৰ চলি থকাৰ কথা তেওঁ ৰাজহুৱা কৰা নাছিল । তাৰকাগৰাকীৰ অকাল বিয়োগে শোকবিহ্বল কৰি তুলিছে অনুৰাগীসকলক ।

লগতে পঢ়ক : #Boycott_Kanganaৰ উচিত প্ৰত্যুত্তৰ কংগনা ৰানাৱটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.