ETV Bharat / sitara

আজি বিজুদাৰ ওপজা দিন... - অসমীয়া চলচ্চিত্ৰ জগত

বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল । আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰা বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল শ্বোফিক্স, গজমুক্তা আদিতো অভিনয় কৰিছিল ।

আজি প্ৰয়াত অভিনেতা বিজু ফুকনৰ ওপজা দিন
আজি প্ৰয়াত অভিনেতা বিজু ফুকনৰ ওপজা দিন
author img

By

Published : Feb 18, 2021, 10:40 AM IST

চিটাৰা ডেস্ক,18 ফেব্ৰুৱাৰীঃ 1947 চনৰ 18 ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা বিজু ফুকনে । অসমীয়া চলচ্চিত্ৰ জগতত ডাঃ বেজবৰুৱা ছবিখনত এটা তেনেই সৰু চৰিত্ৰত ভূমুকি মাৰিছিল ফুকনে ৷ তাৰ পিছতে অভিনেতা জনে বৰুৱাৰ সংসাৰ চলচিত্ৰখনত নায়কৰ ৰূপত অভিনয় কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ আৰু পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হৈছিল বিজু ফুকন । উল্লেখ্য যে, বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে ।

একেদৰে বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে । আৱাহন আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰিছিল সকলোৰে জনপ্ৰিয় বিজু দাই । ইপিনে অসমীয়া চলচ্চিত্ৰৰ উপৰিও বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল শ্বোফিক্স, গজমুক্তা আদিতো অভিনয় কৰে । সমান্তৰালভাৱে দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিক, টেলি-নাটক আদিতো বিজু ফুকনে অভিনয় কৰিছিল । 1980 চনত বিজু ফুকনে পৰিচালনা কৰা 'ভাই-ভাই' ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল ৷

এইগৰাকী মহান অসমীয়া চলচ্চিত্ৰ জগতৰ মহানায়কে 2017 চনৰ 22 নৱেম্বৰত গুৱাহাটীৰ এপ’ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়কঃ মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.