ETV Bharat / sitara

বলীউডত ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশৰ বাবে সাজু এগৰাকী অসমীয়া

এগৰাকী অসমীয়া যুৱকে বলীউডত পূৰ্ণ দৈৰ্ঘৰ ছবি পৰিচলক হিচাপে ভূমুকি মাৰিবলৈ আৰম্ভ কৰিছে প্ৰস্তুতি ৷ ‘বোক্সী’ নামৰ ছবিখনেৰে বলীউডত খোজ পেলাবলৈ প্ৰস্তুত হৈ উঠিছে বিশ্বনাথৰ ভাৰ্গৱে ৷

Assam's son  Bhargav Saikia to Make his bollywood debut as a producer
বলীউডত পূৰ্ণদৈৰ্ঘ্যৰ ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশৰ বাবে সাজু এজন অসমীয়া
author img

By

Published : Sep 4, 2021, 2:12 PM IST

চিটাৰা ডেস্ক, 4 ছেপ্তেম্বৰ : বলীউডৰ পূৰ্ণাংগ ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু এগৰাকী অসমীয়া যুৱক ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 'এৱেকেনিংচ্' আৰু 'দ্য ব্লেক কেট' নামৰ দুখন ভৌতিক-ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক হিচাপে বিপুল সঁহাৰি লাভ কৰা পছত এইবাৰ পূৰ্ণ দৈৰ্ঘৰ ছবি পৰিচালক হিচাপে নিজকে পৰিচিত কৰিবলৈ সাজু হৈছে তেওঁ ৷

'বোক্সী' নামৰ এখন পূৰ্ণ দৈঘ্যৰ হিন্দী ভৌতিক-ফেণ্টাচী ছবিৰ পৰিচালনা কৰিব বিশ্বনাথৰ যুৱক ভাৰ্গৱ শইকীয়াই ৷ ভাৰ্গৱৰ ঘৰ বিশ্বনাথ চাৰিআলিত ৷ ছবিখনৰ কাম 23 ছেপ্তেম্বৰৰ পৰা দাৰ্জিলিং আৰু ছিকিমৰ অভয়াৰণ্যত আৰম্ভ হ’ব ৷ ভাৰ্গৱে পৰিচালনা কৰা ছবিখনত অভিনয় কৰিব 'পৰী', 'কৰখ' আৰু 'নেটফ্লিক্স-বি বি চিৰ 'A Suitable Boy' চিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰা অভিনেত্ৰী মানসী মুলতানী ৷

তেওঁৰ লগতে থাকিব voot ৱেব চিৰিজৰ 'কেণ্ডি' আৰু প্ৰখ্যাত পৰিচালক প্ৰতীক গান্ধীৰ ছবি 'ডেৰ বিঘা জামিন'ত অভিনয় কৰা প্ৰসন্না বিষ্টে । ইয়াৰ উপৰিও এই ছবিখনত ভাস্কৰ হাজৰিকাৰ 'কথা নদী'ৰ তেজীমলা, 'কানিন' আৰু জাহ্নু বৰুৱাৰ 'ভগা খিড়িকী'ত বিশেষ ভূমিকা লোৱা অসমৰ কাচভী শৰ্মাক অন্য এক ৰূপত দেখা পোৱা যাব ।

‘বোক্সী’ হ’ল এটা নেপালী শব্দ ৷ নেপালী ভাষাত বোক্সী শব্দৰ অৰ্থ হ’ল ‘ডাইনী’ ৷ ভৌতিক ছবিৰ ক্ষেত্ৰত তেনেই চালুকীয়া অৱস্থাত থকা বলীউডৰ জগতখনত 'বোক্সী' ছবিখনে এক নৱ আলোড়ন আনিব বুলি পৰিচালক ভাৰ্গৱ শইকীয়া খুবেই আশাবাদী ।

লগতে পঢ়ক : প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.