গুৱাহাটী,14 ফেব্ৰুৱাৰী : অসমীয়া চলচ্চিত্ৰ জগতত ক’ৰণাই ত্ৰাস কৰাৰ পাচত পুনৰ অসমীয়া ছবি উদ্যোগে পূৰ্বৰ ছন্দ ঘূৰাই অনাৰ চেষ্টাত ব্ৰতী হৈছে । ইয়াৰ প্ৰয়াস স্বৰূপে দেওবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত মুকলি কৰা হয় নতুন অসমীয়া ছবি ‘একলব্য’ৰ প’ষ্টাৰ ।
নৱাগত পৰিচালক আলফ্ৰেডৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এই নতুন ছবিখন ৰিভান প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ’ব ৷ ছবিখনৰ প্ৰযোজনা কৰিছে ছৈয়দ আজিজুল হক, ঋত্বিক শইকীয়া আৰু অলকা শইকীয়াই । একলব্যৰ সংগীত ব্যৱস্থাপনাত আছে অৰূপজ্যোতি বৰুৱা ৷
আগন্তুক 7 মাৰ্চৰ পৰা দৃশ্যগ্ৰহণ হ’বলগীয়া ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য সংলাপ আলফ্ৰেড আৰু প্ৰণৱ ভৰালীৰ । ছবিখনত দেখা যাব অভিনেতা অৰুণ নাথ, অতুল পাচনি, কমল লোচন, হিমাংশু গগৈ, ৰূপচন্দা শৰ্মা, অসীমজ্যোতি বৰুৱা, কৰিশ্মা পূজাৰী, অতনু মহন্তকে ধৰি বহু কেইগৰাকী নবীন শিল্পীক ।
লগতে পঢ়ক : ভেলেন্টাইন দে বিশেষ : প্ৰেমৰ ক্ষেত্ৰত বয়সৰ বাধাক অতিক্ৰম কৰা কেইগৰাকীমান চেলিব্ৰেটি