ETV Bharat / sitara

ছবিগৃহলৈ আহি আছে দ্বি-ভাষিক অসমীয়া ছবি ‘কামাণ্ডো’

গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে মুক্তিলাভ কৰিবলগীয়া অসমীয়া ছবি ‘কামাণ্ডো’ৰ কলা-কুশলীসকলক সম্বৰ্ধনা ৷ 16 এপ্ৰিলত মুক্তি লাভ কৰিব এই ছবিখনে ৷ হিন্দী আৰু অসমীয়া ভাষাত নিৰ্মিত এই চলচ্চিত্ৰখন ৷

commando
কামাণ্ডো
author img

By

Published : Apr 13, 2021, 9:01 PM IST

গুৱাহাটী,13 এপ্ৰিল : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সম্বৰ্ধনা জ্ঞাপন কৰা হয় শীঘ্ৰেই ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া অসমীয়া ছবি ‘কামাণ্ডো’ৰ কলা-কুশলীসকলক ৷ 16 এপ্ৰিলত 14 টা ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখনে ৷

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী সন্ধ্যা মেনন, বিশিষ্ট নৃত্য কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ, লোক-সংস্কৃতিৰ সাধক ৰুক্মিণী বৰা, সমাজকর্মী স্বপ্না কলিতা, অভিনেতা মিণ্টু ৰয় আৰু বহু বিশিষ্ট ব্যক্তি ৷ চলচ্চিত্ৰখনৰ পৰিচালক, অভিনেতা তথা প্ৰাক্তন সেনা জোৱান ধৰ্মেন্দ্ৰ চমুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত প্ৰয়োজক ৰেখা চমুৱাই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় । লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

কামাণ্ডো

চলচ্চিত্ৰখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা মোজামিল হকে কয় যে, এই চলচ্চিত্ৰখন এখন দ্বি-ভাষিক চলচ্চিত্ৰ । ভাৰতীয় সেনাৰ জীৱন গাঁথা এই চলচ্চিত্ৰখনত সন্নিবিষ্ট কৰা হৈছে । হিন্দী আৰু অসমীয়া ভাষাত নিৰ্মিত এই চলচ্চিত্ৰখন ৷

ছবিখনৰ পৰিচালনাত আছে পৰিচালক বুবুল বৰা ৷ অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, সোণাপুৰত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অসমৰ মাটিত দুই কিলোমিটাৰ পথ নিৰ্মাণ মিজো আগ্ৰাসনকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.