চিটাৰা,3 অক্টোবৰ: ভ্ৰাম্যমাণ নাট্য জগতৰ এগৰাকী দুৰ্দান্ত অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ দেহাৱসান ৷ শেহতীয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিছনাত কৰ’ণা মহামাৰীৰ সৈতে যুঁজি শনিবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে ৷ কেইবা মাহৰ পৰা কিডনী আৰু নিম'নিয়া ৰোগতো গুৰুতৰভাৱে আক্ৰান্ত হৈ আছিল দুৰ্দান্ত অভিনেতা গৰাকী ৷
![Assamese actor Shankar Chakraborty is no more](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9038000_shankarrrr.jpg)
উল্লেখ্য যে,চাৰি মহীয়া কন্যা সন্তানক লালন-পালন কৰিবলৈ এটকাও নোপোৱা অভিনেতা গৰাকীৰ পত্নীয়ে স্বামীৰ চিকিৎসা কৰাবলৈ উৱাদিহ পোৱা নাছিল । কেৱল চকুত চকুপানীৰ বাহিৰে অভিনেত্ৰী পত্নী বৰ্ণালী মহন্তৰ হাতত আন একো নাছিল ।
সামাজিক মাধ্যমত অভিনেতা গৰাকীৰ জীৱন দুৰ্দশাৰ স্পষ্ট ছবিখন প্ৰকাশ হোৱাৰ পাচত দুই এজন শুভাকাংক্ষীয়ে কিছু পৰিমাণে সহায় আগবঢ়াইছিল যদিও সেয়া যৎসামান্যহে আছিল । নলবাৰীৰ বৃহত্তৰ বৰবৰী অঞ্চলৰ পাজিপৰ গাঁৱৰ বাসিন্দা শংকৰ চক্ৰবৰ্তীৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি পত্নীয়ে স্থানীয় বিধায়ক নাৰায়ণ ডেকা,অসম চৰকাৰ,শিল্পী সমাজ আৰু সুহৃদয়বান ৰাইজক কাতৰ আহ্বান জনোৱাৰ পাচত দুই চাৰিজন লোকে কিছু সাহাৰ্য আগবঢ়ায় যদিও সেয়া যথেষ্ট নাছিল । অৱশেষত উন্নত চিকিৎসাৰ অভাৱৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে ভ্ৰাম্যমাণৰ দুৰ্দান্ত অভিনেতা শংকৰ চক্ৰৱৰ্তীয়ে ।
ভ্ৰাম্যমাণৰ বৰদৈচিলা,শংকৰদেৱ,কহিনুৰ,ইতিহাস,প্ৰাগজ্যোতিষ,দেবৰাজ,মুকুন্দ আদি সৰহ সংখ্যক থিয়েটাৰত কৰা দুৰ্দান্ত অভিনয়ৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল শংকৰ চক্ৰৱৰ্তী ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট অস্তপথ,মৰমৰ বান্ধৱী বিদায় দিয়া,ৰাধা এবাৰ হাঁহি দিয়াকে ধৰি 60 খনৰো অধিক নাটকত কেতিয়াবা নায়ক আৰু কেতিয়াবা খলনায়কৰ ভূমিকা পালন কৰিছিল অভিনেতা গৰাকীয়ে ৷
লগতে পঢ়ক: জনা নজনা বহু কথাৰে ইটিভি ভাৰতত যতীন বৰা