গুৱাহাটী,13 নৱেম্বৰ: অসমীয়া ছবি জগতৰ বাবে সুখবৰ ৷ কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিচত এইবাৰ আন এখন অসমীয়া ছবি মুক্তিৰ পথত ৷ চমু চাপিছে বি এছ ক্ৰিয়েচনৰ উদ্যোগত নিৰ্মিত ছবি 'ইপাৰ সিপাৰ'ৰ মুক্তিৰ দিন ৷ ইতিমধ্যে 12 নৱেম্বৰত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ছবিখনৰ বিশেষ দর্শনী প্ৰদৰ্শন কৰা হয় ৷ সম্পূৰ্ণ গাঁৱৰ পটভূমিত নিৰ্মিত হৈছে 15 নৱেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবি 'ইপাৰ সিপাৰ ৷' ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে উদয়ন দুৱৰা আৰু অমৃতা গগৈয়ে ৷ ছবিখনৰ বিশেষ দর্শনী উপভোগ কৰি উৎফুল্লিত হৈছে দৰ্শক ৷ চহা গাঁৱৰ গোন্ধ থকা ছবিখনে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে একাংশ দৰ্শকে ৷
প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত দেখা দিয়া আৰ্থিক অসুবিধাৰ বাবে সকলো স্থানতে কৰিব পৰা নাই যদিও,ইয়াৰ কাহিনীয়ে অসমৰ দৰ্শকক আকৃষ্ট কৰিব বুলি যথেষ্ট আশাবাদী ছবিখনৰ কলা কুশলীসকল ৷
পৰিচালকৰ মতে,বৰ্তমান নিৰ্মাণ হৈ থকা অথবা ছবি গৃহত ইতিপূৰ্বে চলি যোৱা ছবি সমূহতকৈ সম্পূৰ্ণ পৃথক হ'ব 'ইপাৰ সিপাৰ |'
15 নৱেম্বৰত অসমৰ দৰ্শকে 'ইপাৰ সিপাৰ' ছবিখন কেনেদৰে আদৰি লয় সেইয়া সময়তহে গম পোৱা যাব ৷
লগতে পঢ়ক: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিশুকেন্দ্ৰিক অসমীয়া ছবি 'তৰা'ৰ বিষয়ে