ETV Bharat / sitara

আদিল হুছেইন অভিনীত নেটফ্লিক্স ড্ৰামা ‘দিল্লী ক্ৰাইম’এ লাভ কৰিছে এমী এৱাৰ্ড 2020 - চানডেন্স ছবি মহোৎসৱ

ৰিছি মেহতাৰ দ্বাৰা নিৰ্মিত চিৰিজ দিল্লী ক্ৰাইমত অভিনয় কৰিছে আদিল হুছেইন, শ্বেফালী শ্বাহ, ৰাছিকা দুগ্গল আৰু ৰাজেশ টাইলাঙে ৷ চিৰিজটোৰ প্ৰথম দুটা খণ্ড 2019 বৰ্ষৰ ‘চানডেন্স ছবি মহোৎসৱ’ত ‘Indie Episodic’ শিতানত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয় ৷ উল্লেখ্য এই চিৰিজটো 2019 বৰ্ষৰ 22 মাৰ্চত নেটফ্লিক্সযোগে মুকলি কৰা হৈছিল ৷

Adil Hussain starrer Netflix drama Delhi Crime wins Emmy Awards 2020
আদিল হুছেইন অভিনীত নেটফ্লিক্স ড্ৰামা ‘দিল্লী ক্ৰাইম’এ লাভ কৰিছে এমী এৱাৰ্ড 2020
author img

By

Published : Nov 24, 2020, 3:59 PM IST

Updated : Nov 24, 2020, 4:23 PM IST

চিটাৰা ডেস্ক,24 নৱেম্বৰঃ ভাৰতীয়-কানাডিয়ান ছবি নিৰ্মাতা ৰিছি মেহতাৰ দ্বাৰা নিৰ্মাত নেটফ্লিক্স ক্ৰাইম ড্ৰামা চিৰিজ ‘দিল্লী ক্ৰাইমে’ 48 সংখ্যক ইন্টাৰনেশ্যনেল এমী এৱাৰ্ডত শ্ৰেষ্ঠ ড্ৰামা চিৰিজৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনৰ অভিনেতা আদিল হুছেইনে টুইটাৰযোগে কয়, “Delhi Crime #DelhiCrime wins the Emmy @iemmys International Awards for Best Drama. Congratulations @RichieMehta unmatchable @ShefaliShah dearest @rajeshtailang and whole team Big Big Congratulations!”

ৰিছি মেহতাৰ দ্বাৰা নিৰ্মিত ড্ৰামা দিল্লী ক্ৰাইমত অভিনয় কৰিছে আদিল হুছেইন, শ্বেফালী শ্বাহ, ৰাছিকা দুগ্গল আৰু ৰাজেশ টাইলাঙে ৷ চিৰিজটোৰ প্ৰথম দুটা খণ্ড 2019 বৰ্ষৰ ‘চানডেন্স ছবি মহোৎসৱ’ত ‘Indie Episodic’ শিতানত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয় ৷ উল্লেখ্য এই চিৰিজটো 2019 বৰ্ষৰ 22 মাৰ্চত নেটফ্লিক্সযোগে মুকলি কৰা হয় ৷

চিৰিজটোত এগৰাকী 23 বৰ্ষীয় ফিজিঅ’থেৰাপী ইনটাৰ্ণক 2012 চনৰ 16 ডিচেম্বৰত এখন বাছত দলৱদ্ধ ধৰ্ষণ কৰি দিল্লীৰ ৰাজপথত পেলাই যোৱা সন্দৰ্ভত দেখুওৱা হৈছে ৷ পোন্ধৰদিন পিছত যুৱতীগৰাকী ছিংগাপুৰৰ হাস্পতালত মৃত্যুবৰণ কৰে ৷

চিৰিজটোত শ্বেফালী শ্বাহে ভৰ্তিকা চতুৰ্বেদী নামৰ এটি চৰিত্ৰ ৰূপায়ন কৰিছে যিটো চৰিত্ৰ দিল্লীৰ প্ৰাক্তন সহকাৰী আৰক্ষী আয়ুক্ত ছায়া শৰ্মাৰ ওপৰত আধাৰিত ৷ চিৰিজটোৱে 2012 চনত ৰাজধানী দিল্লীত সংঘটিত ডামিনী গণধৰ্ষণ কাণ্ডৰ ভয়ানক ছবিখন দাঙি ধৰিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমাজন প্ৰাইমৰ "ফ’ৰ মোৰ শ্বটছ প্লিজ"এ শ্ৰষ্ঠ কমেডী আৰু অৰ্জুন মাথুৰে ‘মেড ইন হেভেনত’ কৰা চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছে ৷

লগতে পঢ়ক-ন-ৰূপত নব্বৈ দশকৰ জনপ্ৰিয় গীত "গাগৰি গাগৰি কঁকালৰ ভাজত"

Last Updated : Nov 24, 2020, 4:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.