চিটাৰা ডেস্ক, 29 মে’: ‘Ishaqzaade’ৰ মুখ্য অভিনেতা অৰ্জুন কাপুৰে কোভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ আগবঢ়াইছে সহায়ৰ হাত ৷ মহামাৰী কৰ’ণাত প্ৰভাৱিত হোৱা লোকসকললৈ সহায় আগবঢ়াবৰ বাবে এক বৈশ্বিক দিশত সাহাৰ্য যুগুত কাৰ্যসূচীৰ আয়োজন কৰে অভিনেতাগৰাকীয়ে ৷
OHM Live এই কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় তাৰকা জেচন ডেৰলো, ডুৱা লীপা, নিকী জেম আৰু বেকী জীৰ নামো অন্তৰ্ভুক্ত হৈ আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই লাইভ ধন যুগুতোৱা কাৰ্যসূচীটো এটা মাল্টি প্লেটফৰ্ম আয়োজন আৰু শুকুৰবাৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব অৰ্জুন কাপুৰে জানিবলৈ দিয়ে ৷
এই কাৰ্যসূচীৰ মাধ্যমেৰে যুগুতোৱা ধনে কোভিড-19ৰ হকে পোনপটীয়াকৈ যুঁজ দি থকাসকললৈ সমৰ্থন আগবঢ়াব ৷