ETV Bharat / sitara

বিগ-বিৰ হোটেল বিল পৰিশোধ নকৰি বিলাসী বাহন উপহাৰ দিছিল বিধু বিনোদ ছোপ্ৰাই

author img

By

Published : Jan 31, 2021, 8:00 PM IST

অমিতাভ বচ্চনৰ সৈতে 2007 চনত নিৰ্মিত ছবি ‘একলব্য:দ্য ৰয়েল গাৰ্ড’ত কাম কৰিছিল ছবি নিৰ্মাতা গৰাকীয়ে ৷ ছবি খনৰ নিৰ্মানকাৰ্য চলি থকা সময়ত বিগ-বিৰ হোটেলৰ বিল আৰু চাৰ্টাৰ বিমানৰ খৰচ বহন কৰা নাছিল ছবি নিৰ্মাতা বিধু বিনোদ ছোপ্ৰাই ৷ কিন্তু পৰৱৰ্তী সময়ত তেখেতে বিগ বিৰ ঘৰলৈ গৈ তেওঁক এখন 8 কোটি টকীয়া বিলাসী ৰোলছ ৰয়ছ ফেন্টম উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷

When Vidhu Vinod Chopra denied paying Big B's hotel bill but gifted Rs 4 cr car
বিগ-বিৰ হোটেল বিল পৰিশোধ নকৰি বিলাসী বাহন উপহাৰ দিছিল বিধু বিনোদ ছোপ্ৰাই

চিটাৰা ডেস্ক, 31 জানুৱাৰী: অভিনেতা অমিতাভ বচ্চনক বিলাসী ৰোলছ ৰয়ছ উপহাৰ দিয়াৰ আঁৰৰ ৰোমাঞ্চকৰ কাহিনী ব্যক্তি কৰিলে ছবি নিৰ্মাতা বিধু বিনোদ ছোপ্ৰাই ৷ অমিতাভ বচ্চনৰ সৈতে 2007 চনত নিৰ্মিত ছবি ‘একলব্য:দ্য ৰয়েল গাৰ্ড’ত কাম কৰিছিল ছবি নিৰ্মাতা গৰাকীয়ে ৷ ছবি খনৰ নিৰ্মানকাৰ্য চলি থকা সময়ত বিগ-বিৰ হোটেলৰ বিল আৰু চাৰ্টাৰ বিমানৰ খৰচ বহন কৰা নাছিল ছবি নিৰ্মাতা বিধু বিনোদ ছোপ্ৰাই ৷ কিন্তু পৰৱৰ্তী সময়ত তেখেতে বিগ বিৰ ঘৰলৈ গৈ তেওঁক এখন 8 কোটি টকীয়া বিলাসী ৰোলছ ৰয়ছ ফেন্টম উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷

‘একলব্য:দ্য ৰয়েল গাৰ্ড’ ছবিখন লিখাৰ উপৰিও বিধু বিনোদ ছোপ্ৰাই ছবিখন প্ৰযোজনা কৰিছিল ৷ তেখেতে বিগ-বিক কৈছিল যে তেওঁৰ 65 হাজাৰ টকীয়া বিলাসী হোটেল ৰূম তথা চাৰ্টাৰ বিমানৰ খৰচ কোনো কাৰণতে বহন কৰিব নোৱাৰে ৷ এই সকলো খৰচ বিগ-বিয়ে নিজে বহন কৰিব লাগিব ৷

এক ৱেবলয়ডৰ সৈতে হোৱা ভাৰ্চুৱেল সাক্ষাতকাৰত ছবি নিৰ্মাতা গৰাকীয়ে কৈছে যে, "নিশ্চিতভাৱে মি তেওঁৰ হোটেল ৰূম আৰু চাৰ্টাৰ বিমানৰ খৰচ বহন কৰিছিলো ৷ ইয়াৰ উপৰিও মই তেওঁক 8 কোটি টকীয়া এখন বাহনো উপহাৰ হিচাপে প্ৰদান কৰিছো ৷"

এই কাহিনী বৰ্ণনা কৰি বিধু বিনোদ ছোপ্ৰাই কয়, গাড়ীখনৰ ছাবি বিগ-বিক দিয়া সময়ত বিধু বিনোদ ছোপ্ৰাৰ মাতৃও তেওঁৰ লগত আছিল আৰু এই কথাক কিছু অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ কাৰণ তেওঁৰ পুত্ৰই নিজে এখন নীলা ৰঙৰ ভান ব্যৱহাৰ কৰিছিল ৷ তেওঁৰ মাতৃয়ে বাহনখনৰ প্ৰকৃত মূল্য জনা নাছিল যদিও অনুমান কৰিছিল বিগ-বিক উপহাৰত দিয়া বাহনখনৰ মূল্য 11 লাখ হ’ব ৷ উল্লেখ্য যে, বিধু বিনোদ ছোপ্ৰাই বলিউডক কেইবাখনো সফল ছবি উপহাৰ দিছে ৷ তেওঁৰ নিৰ্মিত ছবি ‘পৰিন্দা’ই অভিনেতা অনিল কাপুৰ আৰু জেকী শ্ৰফৰ কেৰিয়াৰ সলনি কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক-বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.