নিউজ ডেস্ক, 30 জুনঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে প্ৰকাশ কৰে তেওঁৰ অনুৰাগীৰ কথা । ইনষ্টাগ্ৰামত ফটো প্ৰকাশ কৰি তেওঁৰ প্ৰিয় অনুৰাগী মাইকেল জেকছনক লগ কৰিবলৈ তেওঁ কি কাণ্ড সংঘটিত কৰিছিল সেই কথা প্ৰকাশ কৰে ।
ইনষ্টাগ্ৰামত ফটো খন প’ষ্ট কৰাৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা জনে আৰু লিখে যে বিংশ শতিকাৰ প'প ষ্টাৰ মাইকেল জেকছনক লগ কৰিবলৈ 1996 চনত তেওঁ বেৰিকড ভাঙি মঞ্চত উঠি গৈছিল । মোম্বাইৰ অৱেৰয় হোটেলত নিৰ্দিষ্ট অতিথিৰ সৈতে এক অনুষ্ঠান আয়োজিত হৈছিল । সেই অনুষ্ঠানত তেওঁকো নিমন্ত্ৰণ জনোৱা হৈছিল । তাতেই তেওঁ বেৰিকেড ভাঙি গৈ মাইকেল জেকছনক সাৱটি ধৰিবলৈ চেষ্টা চলাইছিল বুলি উল্লেখ কৰে । অৱশ্যে তেওঁক জেকছনৰ দেহৰক্ষীয়ে আঁতৰাবলৈ বিছাৰিল । সেই সময়তে ভাৰত ভাই শ্বাহে আহি কয় যে, এখেত ভাৰতৰ অন্যতম নামী অভিনেতা । তাৰ পাচতেই জেকচনে তেওঁৰ সৈতে হাত মিলাই ফটো উঠিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
অনুপম খেৰে এই ফটো খন উঠোৱা আন্দ্ৰে টিমিছক ফটো খনৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ভাৰত ভাই শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে ।