ETV Bharat / sitara

ছাৰাৰ বিষয়ে বৰুণক সতৰ্ক কৰি দিলে আয়ুস্মান, বিকী আৰু কাৰ্তিকে !

author img

By

Published : Dec 23, 2020, 9:03 PM IST

অভিনেতা বৰুণ ধৱনে প্ৰকাশ কৰিছে যে, 'কুলী নং ১'ত ছাৰাই বৰুণৰ বিপৰীতে অভিনয় কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে তেওঁক সাৱধানবাণী শুনাইছিল আয়ুস্মান খুৰানা, বিকী কৌশল আৰু কাৰ্তিক আৰিয়নে ।

ছাৰাৰ বিষয়ে বৰুণক সতৰ্ক কৰি দিলে আয়ুস্মান, বিকী আৰু কাৰ্তিকে! কিয়?

চিটাৰা ডেস্ক, ২৩ ডিচেম্বৰ: 'কুলী নং ১' ছবিৰ বাবে ছাৰা আলী খানক কাষ্টিং কৰাৰ পিছতে বলীউড অভিনেতা বৰুণ ধৱনৰ সৈতে সংঘটিত হোৱা আমোদজনক ঘটনা শ্বেয়াৰ কৰিলে অভিনেতাজনে । 'কুলী নং ১' ছবিখনৰ সৈতে বৰুণ আৰু ছাৰাৰ নাম জড়িত হৈ পৰাৰ পিছৰে পৰা দুয়োগৰাকীয়ে পৰস্পৰক প্ৰশংসা কৰা দেখা গৈছে । ছবিখনৰ প্ৰ'ম'ছনৰ সময়তো বৰুণে ছাৰাৰ বিষয়ে কিছুমান আচৰিতজনক কথা প্ৰকাশ কৰে ।

বৰুণ আৰু ছাৰাই কপিল শৰ্মা শ্ব'ত 'কুলী নং ১'ৰ প্ৰ'ম'ছনৰ বাবে যাওতে বৰুণে কয় যে, ছাৰাৰ সৈতে কাম কৰি থাকোতে মোক আয়ুস্মান খুৰানা, বিকী কৌশল আৰু কাৰ্তিক আৰিয়নে মেছেজ কৰিছিল । যেতিয়া ছাৰাই প্ৰশ্ন কৰে যে, তাৰকাকেইজনে তেওঁৰ বিষয়ে কি কৈছিল ৷ তেতিয়া বৰুণে উত্তৰ দিয়ে যে, 'তোমাৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ সকিয়াই দিছিল মোক ।' আনহাতে, ছাৰাই কয় যে, তেওঁ ছ'চিয়েল মিডিয়াত পোষ্ট কৰোঁতে প্ৰায়েই বৰুণক টেগ কৰিছিল । তেতিয়া বৰুণে কয় যে, ছাৰাক এই কাৰ্যত কোনোবাই খং কৰিছিল ।

অৱশ্যে অনুৰাগীয়ে ভালদৰে জানে যে, বৰুণে কোনে খং কৰাৰ কথা কৈছে । ১৯৯৫ চনত গোবিন্দা অভিনীত 'কুলী নং ১'ৰ ৰিমেকত অভিনয় কৰিছে বৰুণ আৰু ছাৰাই । বৰুণ-ছাৰাৰ লগতে ছবিখনত পৰেশ ৰাৱাল, জাভেড জেফৰী, ছাহিল বৈদ, মনোজ যোশীয়েও অভিনয় কৰিছে । অহা ২৫ ডিচেম্বৰত এমাজন প্ৰাইমত মুক্তি দিয়া হ'ব 'কুলী নং ১' ছবিখন ।

লগতে পঢ়ক:ছামথিং কুকিংঃ টাইগাৰে অনুৰাগীক অনুমান কৰিবলৈ ক'লে তেওঁ কি কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.