ETV Bharat / sitara

Vikrant Massey Wedding: সাত বছৰীয়া প্ৰেমক সাতোটা জনমৰ প্ৰতিশ্ৰুতিৰে বান্ধিলে বিক্ৰান্ত মেছিয়ে

author img

By

Published : Feb 19, 2022, 7:08 PM IST

শুকুৰবাৰে হিমাচলত প্ৰেয়সী শীতল ঠাকুৰৰে বিবাহ পাশত আৱদ্ধ হ’ল জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছি (Vikrant Massey Sheetal Thakur Wedding) ৷

Vikrant Massey Wedding
সাত বছৰীয়া প্ৰেমক সাতোটা জনমৰ প্ৰতিশ্ৰুতিৰে বান্ধিলে বিক্ৰান্ত মেছিয়ে

চিটাৰা ডেস্ক, 19 ফ্ৰেব্ৰুৱাৰী : যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খালে বিক্ৰান্ত মেছি আৰু শীতল ঠাকুৰ (Vikrant Massey Sheetal Thakur Wedding) ৷ শুকুৰবাৰে হিমাচল প্ৰদেশত সামাজিক প্ৰথাৰে বিয়াত বহিল প্ৰেমিকযুগল ৷

Vikrant Massey Wedding
যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খালে বিক্ৰান্ত মেছি আৰু শীতল ঠাকুৰ

বিক্ৰান্ত আৰু শীতল সাত বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল ৷ অতিকে জনপ্ৰিয় ৱেব চিৰিজ ব্ৰ’কেন বাট বিউটিফুলৰ প্ৰথমটো চিজনত দুয়োয়ে প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছিল ৷

বিয়াৰ দিনা বগা ৰঙৰ শ্বেৰৱানীত দেখা গ’ল বিক্ৰান্তক ৷ আনহাতে শীতলে পৰিধান কৰিলে ৰঙা ৰঙৰ লেহেংগা ৷ ক’ভিড মহামাৰীৰ কাৰণে তেওঁলোকৰ বিয়া পিছুৱাই থকা হৈছিলে ৷

সৰু সৰু চৰিত্ৰৰে বলীউডত ভূমূকি মৰা বিক্ৰান্ত এতিয়া সকলোৰে পৰিচিত ৷ বিগত দুবছৰত কেইবাখনো হিট ছবিত অভিনয় কৰি দৰ্শকৰ আপোন হৈ পৰিল বিক্ৰান্ত মেছি ৷ নিভাজ অভিনয়েৰে সহজেই খোপনি পুতিছে অভিনয় জগতত এইজন অভিনেতাই ৷

Vikrant Massey Wedding
বিবাহ পাশত আৱদ্ধ হ’ল জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছি

লগতে পঢ়ক: বহুদিনীয়া হাবিয়াস পূৰণ হ’ল দক্ষিণৰ তাৰকা প্ৰভাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.