মুম্বাই,27 নৱেম্বৰঃ শেহতীয়াকৈ বুধবাৰে কামাণ্ডো-3ৰ নিৰ্মাতা বিপুল অমৃতলাল সাহে মুকলি কৰে ছবিখনৰ পৰা বিদ্যুৎ জামালৰ এক ইন্ট্রোডাক্টৰী ভিডিঅ' ৷ লগতে ছবি নিৰ্মাতাগৰাকীয়ে প্ৰকাশ কৰে যে, এইয়া এক সাহসিক পদক্ষেপৰ লগতে এক বৃহৎ জুৱা সদৃশ কাম ৷
- " class="align-text-top noRightClick twitterSection" data="
">
"নতুন পন্থাৰ দ্বাৰা ৰাইজৰ মাজত সোমাবলৈ ছবিখনৰ পাঁচ মিনিটৰ ভিডিঅ' মুকলি কৰি দিয়াটোৰ দৰে সাহসী কাম কৰাৰ সিদ্ধান্ত ল'লো ৷ কিন্তু মোৰ বিশ্বাস এই পাঁচ মিনিটৰ ভিডিঅ' চোৱাৰ পিছত দৰ্শক ছবিখন চাবলৈ বাধ্য হ'ব ৷" ভিডিঅ'টো মুক্তিৰ পিছত এইদৰে প্ৰকাশ কৰে ছবি নিৰ্মাতাগৰাকীয়ে ৷
চান চাইন ফিকচাৰচৰ সহযোগত ৰিলায়েন্স এন্টাৰটেইনমেন্ট আৰু মৌচন পিকচাৰৰ কেপিটেলৰ দ্বাৰা প্ৰস্তুত আৰু বিপুল অমৃতলাল সাহৰ প্ৰডাকচনৰ এই ছবিখন ছবিগৃহলৈ আহিব নৱেম্বৰৰ 29 তাৰিখে ৷