চিটাৰা ডেস্ক, 13 ছেপ্তেম্বৰ : অতি শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ'ব অভিনেতা বিদ্যুৎ জামৱাল আৰু ফেশ্বন ডিজাইনাৰ নন্দিতা মহতানি ৷ অৱশেষত দুয়ো আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দুয়োৰে মাজত থকা সম্পৰ্কৰ কথা ৷ সোমবাৰে পুৱা ইনষ্টাগ্ৰামযোগে এই কথা ঘোষণা কৰে বিদ্যুৎ আৰু নন্দিতাই ৷

ইনষ্টাগ্ৰামত বিদ্যুতে নন্দিতাৰ সৈতে দুখন ফটো শ্বেয়াৰ কৰে ৷ প্ৰথম ফটোখনত দুয়োকে এখন দেৱালত হাৰ্নেছত বান্ধি থকা অৱস্থাত ইজনে সিজনৰ হাতত ধৰি থকা দেখা গৈছিল ৷ দ্বিতীয়খন ফটোত দুয়োকে তাজমহলৰ সন্মুখত প'জ দিয়া দেখা গৈছে ৷

এই ফটো দুখন শ্বেয়াৰ কৰি বিদ্যুতে কয়, "Did it the COMMANDO way. 01/09/21."
লগতে পঢ়ক : মুক্তি পালে Shiddat ৰ ট্ৰেইলাৰ