ETV Bharat / sitara

বিকী কৌশলে পৰিৱেশন কৰা 'পাৰ্পল হেট'ক লৈ প্ৰতিক্ৰিয়া ভাতৃ ছানীৰ - ইনষ্টাগ্ৰাম পোষ্ট

ৰেপাৰ হিচাপে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ কৰাৰ চেষ্টা অভিনেতা বিকী কৌশলৰ । শেহতীয়াকৈ 'পাৰ্পল হেট' শীৰ্ষক গীতটিত লিপ ছিংক্ৰ'নাইজ কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে বিকীয়ে । ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা ভিডিঅ'টোক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিকীৰ ভাতৃ ছানী কৌশলে । বিকীৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দীপিকা পাডুকণ, ঋত্বিক ৰোশন আৰু আয়ুষ্মান খুৰানায়ো ।

Vicky Kaushal's Purple Hat rap gets hilarious response from brother Sunny Kaushal
বিকী কৌশলে পৰিৱেশন কৰা 'পাৰ্পল হেট'ক লৈ প্ৰতিক্ৰিয়া ভাতৃ ছানীৰ
author img

By

Published : Jul 19, 2021, 11:14 AM IST

চিটাৰা ডেস্ক, ১৯ জুলাই: শেহতীয়াকৈ এটা ভিডিঅ'ৰ বাবে চৰ্চালৈ আহিছে অভিনেতা বিকী কৌশল (Vicky Kaushal) । ভিডিঅ'টোত দেখা গৈছে যে, বিকীয়ে ভেনিটী ভেনত 'পাৰ্পল হেট' শীৰ্ষক গীতটিত লিপ ছিংক্ৰ'নাইজ কৰিছে । ইনষ্টাগ্ৰাম পোষ্টযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে বিকীয়ে । অতি সহজে অভিনেতাগৰাকীয়ে ৰেপ ছং আয়ত্ব কৰা বাবে দীপিকা পাডুকন, ঋত্বিক ৰোশন আৰু আয়ুষ্মান খুৰানাৰ দৰে তাৰকা আচৰিত হৈ পৰে ।

লগতে তেওঁলোকে এই প্ৰতিভাৰ বাবে বিকীক প্ৰশংসাও কৰে । কিন্তু বিকীৰ সৰু ভাতৃ ছানী কৌশলে বিকীৰ এই ভিডিঅ'টোক লৈ আমোদজনক কমেণ্ট কৰা দেখা গৈছে । ছানীয়ে বিকীৰ ওঁঠ কম্পিউটাৰ গ্ৰাফিক্স বুলি কৈ হাস্যকৰ কমেণ্ট কৰে । আনহাতে, বিকীৰ পোষ্টত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দীপিকা পাডুকনে কমেণ্ট ছেকছনত আৰ অ এফ এল (RAFL)আইকন পোষ্ট কৰে ।

কেৱল দীপিকাই নহয়, বিকীৰ ভিডিঅ'টোত ছুপাৰষ্টাৰ ঋত্বিক ৰোশনেও মন্তব্য কৰে । অভিনেতাজনে তেওঁৰ ভিডিঅ'ত ঋত্বিকৰ কমেণ্ট দেখি আচৰিত হৈ পৰা দেখা গৈছে । আনহাতে, বিকীৰ ভায়েক ছানীয়ে বিকীৰ ওঁঠক কম্পিউটাৰ গ্ৰাফিক্সৰ লগত তুলনা কৰে ।

ছানীয়ে বিকীৰ পোষ্টত সদায়ে হাস্যকৰ কমেণ্ট কৰে । ইয়াৰ পূৰ্বে দেওবাৰে, বিকীয়ে তেওঁৰ চিত্ৰাংকন প্ৰতিভাও প্ৰদৰ্শন কৰিছিল । সৰু কেনভাচত ভগৱান গণেশক অংকণ কৰিছিল বিকীয়ে । উল্লেখ্য যে, বলীউডত ৯টা বছৰ সম্পূৰ্ণ কৰা বিকী কৌশল বৰ্তমান আদিত্য ধৰৰ ছবি 'দ্য ইমৰ্টেল অশ্বত্থামা' (The Immortal Aswathama)ৰ কামত ব্যস্ত হৈ আছে ।

ছবিখনত ছাৰা আলী খানেও অভিনয় কৰিছে । ইয়াৰ পূৰ্বেও বিভিন্ন সৰু সৰু ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰি চৰ্চিত হৈ পৰিছিল অভিনেতাগৰাকী । শেহতীয়াকৈ 'দ্য ইমৰ্টেল অশ্বত্থামা'ৰ বাবে মাৰ্শ্বেল আৰ্টৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল বিকীয়ে আৰু লগতে তাৰোৱাল চালনাও কৰা দেখা পোৱা গৈছিল । মুঠতে অনুৰাগীক আমোদ দি আহিছে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক:Happy Birthday ভূমি পেডনেকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.