চিটাৰা ডেস্ক,5 আগষ্টঃ মহান নেপথ্য কন্ঠশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ কৰ'ণা পৰীক্ষণ কৰাৰ পিছতে তেওঁৰ ফলাফল পজিটিভ আহে ৷ তেওঁ ছ'চিয়েল মিডিয়া যোগে এটা ভিডিঅ'ৰ মাধ্যেমেৰে এই কথা জনাইছে তেওঁৰ অনুৰাগীসকলক ৷ লগতে সকলোকে চিন্তিত নহ'বৰ বাবে অনুৰোধ কৰিছে কাৰণ তেওঁ বৰ্তমান যথেষ্ট সুস্থ বুলি প্ৰকাশ কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
74 বছৰীয়া কন্ঠশিল্পী গৰাকীয়ে নিজৰ ফেচবুক পেজ যোগে এই ভিডিঅ'টো প'ষ্ট কৰিছে ৷ তেওঁ ভিডিঅ'টোত কৈছে যে, বিগত কিছুদিনৰ পৰা তেওঁ ঠাণ্ডা আৰু জ্বৰ অনুভৱ কৰিছিল ৷ সেয়ে এই পাতল লক্ষণৰ ভিত্তিত তেওঁ নিজৰ কৰ'ণা পৰীক্ষণ কৰে আৰু ইয়াৰ ফলাফল পজিটিভ আহে ৷
লক্ ডাউনৰ সময়খিনিত তেওঁ 200 ৰো অধিক সংগীতশিল্পীৰ সৈতে এটা প্ৰজেক্টৰ বাবে কাম কৰিছিল ৷ তেওঁৰ সহিতে 200 ৰো অধিক কী কন্ঠশিল্পীয়ে মিলি "জয়তু জয়তু ভাৰতম্, বাসুদেৱ কুটুম্বক্কম" নামৰ এটি গীত ঘৰত থাকিয়েই বাণীবদ্ধ কৰিছিল আৰু এই গীতটো 17মে' তাৰিখে মুক্তি লাভ কৰিছিল ৷