চিটাৰা ডেস্ক,19 ডিচেম্বৰ : ৰাজ মেহতাৰ 'Jug Jug Jeeyo' ছবিখনৰ বাবে পুনৰ একেলগ হৈছে বৰুণ ধৱন আৰু কিয়াৰা আদৱানী ৷ বৰুণ ধৱনে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পাচত কিয়াৰাৰ সৈতে ছবিখনৰ দৃশ্যগ্ৰহণ থলীত উপস্থিত হ’বলৈ পাই সুখী অনুভৱ ব্যক্ত কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, বিগত মাহত বৰুণ আৰু জ্যেষ্ঠ অভিনেত্ৰী নিতু কাপুৰ ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম স্থগিত ৰখা হৈছিল ৷ বৰুণ আৰু কিয়াৰাই মাস্ক পৰিধান কৰা এখন ফটো ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি অনুৰাগীসকলক দৃশ্যগ্ৰহণ থলীত উপস্থিত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰে ৷
ফটোখনৰ কেপচন হিচাপে "And we are back #JugJuggJeeyo with my partner in health," লিখি ফটোখন শ্বেয়াৰ কৰে অভিনেত্ৰী কিয়াৰাই ৷
ৰাজ মেহতাৰ প্ৰযোজনাত নিৰ্মাণ হ’বলগীয়া এই ছবিখনত বৰুণ, কিয়াৰা, নিতু কাপুৰৰ উপৰিও অনিল কাপুৰক দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক : 'ছোৰি'ৰ দৃশ্যগ্ৰহণত কান্দোনত ভাঙি পৰিল নুচৰত ভাৰুছা