চিটাৰা ডেস্ক, ২৭ জানুৱাৰী: বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱানৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ফেশ্ব্যন ডিজাইনাৰ নাতাশা দালালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ তিনিদিন পাচত বৰুণে তেওঁৰ সকলো অনুৰাগী আৰু শুভাকাংশীসকলৰ শুভেচ্ছাবাণীৰ বাবে টুইটাৰযোগে অলেখ ধন্যবাদ জ্ঞাপন কৰে ।
'যোৱা কেইদিনে মই আৰু নাতাশাই আপোনালোকৰ পৰা অলেখ মৰম আৰু শুভেচ্ছা লাভ কৰিছো, সেয়েহে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো' এইদৰে টুইটত লিখে অভিনেতাগৰাকীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, ২৪ জানুৱাৰীত বৰুণ ধাৱান আৰু নাতাশাৰ বিয়া হৈছিল । ছবি নিৰ্মাতা কুনাল কোহলী আৰু ফেশ্ব্যন ডিজাইনাৰ মনীষ মলহোত্ৰাকে আদি কৰি কেবাজনো বিশিষ্ট শিল্পী, তাৰকাই তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল । স্কুলীয়া দিনৰ পৰাই ইজনে সিজনক চিনি পইছিল ।
ইফালে বৰুণৰ পৰৱৰ্তী ছবি 'যুগ যুগ জীঅ'ত অভিনয় কৰিছে অনিল কাপুৰ, কিয়াৰা আদৱানী আৰু নিতু কাপুৰ ।
লগতে পঢ়ক: ‘চনক’ ছবিখনত বিদ্যুৎ জম্মুৱালৰ সৈতে দেখা যাব নেহা ধুপীয়াক