নিউজ ডেস্ক,3 জানুৱাৰী: জনপ্ৰিয় ছবি কবীৰ সিঙৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ আগন্তুক ছবি এনিমেলত একেলগে দেখা যাব জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু পৰিণীতা চোপ্ৰাক ৷ শেহতীয়া খবৰ অনুসৰি, ছবি খনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব 2020 বৰ্ষত মুক্তি লাভ কৰা বুলবুল নামৰ ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা ত্ৰিপি ডিমৰিক ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখনীয় যে, 2017 চনত মুক্তি লাভ কৰা "পোষ্টাৰ বয়" নামৰ ছবিখনৰ জৰিয়তে বলীউডত পদাৰ্পন কৰিছিল ত্ৰিপি ডিমৰিয়ে ৷ ইয়াৰ পাছত 2020 বৰ্ষত মুক্তি লাভ কৰা বুলবুল নামৰ ছবিখনেৰে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিছিল অভিনেত্ৰী গৰাকীয়ে ৷ দুগৰাকী অভিনেত্ৰী থকা এনিমেল নামৰ ছবিখনত অভিনেতা ৰণবীৰ কাপুৰৰ বিপৰীতে দেখা যাব ত্ৰিপি ডিমৰিক ৷ উল্লেখ্য যে, ছবিখনত ত্ৰিপি ডিমৰিয়ে অভিনয় কৰিবলগীয়া চৰিত্ৰটোৰ বাবে বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অ'ডিশ্যন দিছিল ৷ কিন্তু ইয়াৰ মাজৰ পৰা ত্ৰিপিক নিৰ্বাচন কৰি উলিয়াইছে বিচাৰকে ৷
- " class="align-text-top noRightClick twitterSection" data="">
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়কঃ "ব্লাইণ্ড"ৰ শ্বুটিং থলীৰ পৰা অনুৰাগীলৈ অভিনেত্ৰী সোনম কাপুৰৰ বিশেষ ফটো