ETV Bharat / sitara

বক্স অফিচত ধুমুহা সৃষ্টিৰে মুক্তিৰ প্ৰথম সপ্তাহত 100 কোটি উপাৰ্জন দ্য কাশ্মীৰ ফাইল্ছৰ

author img

By

Published : Mar 19, 2022, 2:00 PM IST

কেইবাখনো ব্লকবাষ্টাৰ ছবিক পিছ পেলাই বক্স অফিচত ধুমুহা সৃষ্টি কৰিছে দ্য কাশ্মীৰ ফাইল্ছে ৷ উপাৰ্জনৰ ক্ষেত্ৰত বাহুবলীৰ সম পৰ্যায়ত উপনীত হ’ল সদ্য মুক্তিপ্ৰাপ্ত দ্য কাশ্মীৰ ফাইল্ছ নামৰ ছবিখন ৷ মুক্তিৰ অষ্টম দিনা এই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ’ল বহুচৰ্চিত ছবিখনে (The Kashmir Files box office update) ৷

The Kashmir Files
বাহুবলীৰ সমপৰ্যায়ত উপনীত হ’ল দ্য কাশ্মীৰ ফাইল্ছ

চিটাৰা ডেস্ক, 19 মাৰ্চ : মুক্তিৰ পিছতেই দৰ্শকৰ মাজত তুমুল চৰ্চা লাভ কৰা ছবি দ্য কাশ্মীৰ ফাইল্ছে দেশজুৰি খলকনি তুলিবলৈ সক্ষম হৈছে ৷ 11 মাৰ্চত মুক্তি লাভ কৰা ছবিখনে দিনকদিনে লাভ কৰিছে প্ৰচাৰ আৰু প্ৰসাৰ (The Kashmir Files box office update) ৷ ছবিখন উপভোগ কৰা দৰ্শকসকলেও ছবিখনৰ সন্দৰ্ভত আলোচনাত সৰৱ হৈ পৰিছে ৷

বিবেক অগ্নিহোত্ৰীয়ে পৰিচালনা কৰা দ্য কাশ্মীৰ ফাইল্ছ নামৰ ছবিখনে ইতিমধ্যে বক্স অফিচত ধুমুহা সৃষ্টি কৰিছে (The Kashmir Files review) ৷ ব্যৱসায়িক দিশৰ পৰা চাবলৈ গ’লে অক্ষয় কুমাৰৰ বহু প্ৰতীক্ষিত ছবি বচ্চন পাণ্ডেৰ মুক্তিৰ পিছতো প্ৰতিদ্বন্দ্বীবিহীন হিচাপেই প্ৰচাৰিত হৈ থাকিব দ্য কাশ্মীৰ ফাইল্ছ ৷

মুক্তিলাভৰ অষ্টম দিনা বাহুবলীৰে সৈতে ফেৰ মাৰি এক নতুন অভিলেখ গঢ়িলে দ্য কাশ্মীৰ ফাইল্ছে ৷ এই সন্দৰ্ভত বাণিজ্যিক বিশেষজ্ঞ (Trade Expert) তৰণ আদৰ্শে শ্বেয়াৰ কৰিছে বক্স অফিচত দ্য কাশ্মীৰ ফাইল্ছৰ শেহতীয়া খবৰ (The Kashmir Files latest updates) ৷ নিজৰ টুইটাৰ একাউণ্টত তেওঁ এই তথ্যসমূহ শ্বেয়াৰ কৰিছে ৷

#TheKashmirFiles creates HISTORY… *Day 8* of #TKF [₹ 19.15 cr] is AT PAR with #Baahubali2 [₹ 19.75 cr] and HIGHER THAN #Dangal [₹ 18.59 cr], the two ICONIC HITS… #TKF is now in august company of ALL TIME BLOCKBUSTERS… [Week 2] Fri 19.15 cr. Total: ₹ 116.45 cr. #India biz. pic.twitter.com/sjLWXV78J9

— taran adarsh (@taran_adarsh) March 19, 2022 ">

জনসাধাৰণৰ পৰা এনে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত নিৰ্মাতাই ছবিখন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত ডাবিং কৰিছে ৷ কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ আৰু গণহত্যাক মুখ্য বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনত অভিনয় কৰিছে বলীউডৰ অভিনেতা অনুপম খেৰ, মিথুন চক্ৰৱৰ্তীকে আদি কৰি কেইবাজনো তাৰকাই ৷ উপাৰ্জনৰ দিশত ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহতে 100 কোটিৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: কেঞ্চাৰৰ সৈতে যুঁজি যুঁজি শৰ্মাজী নমকিনৰ শ্বুটিং কৰিছিল ঋষি কাপুৰে

চিটাৰা ডেস্ক, 19 মাৰ্চ : মুক্তিৰ পিছতেই দৰ্শকৰ মাজত তুমুল চৰ্চা লাভ কৰা ছবি দ্য কাশ্মীৰ ফাইল্ছে দেশজুৰি খলকনি তুলিবলৈ সক্ষম হৈছে ৷ 11 মাৰ্চত মুক্তি লাভ কৰা ছবিখনে দিনকদিনে লাভ কৰিছে প্ৰচাৰ আৰু প্ৰসাৰ (The Kashmir Files box office update) ৷ ছবিখন উপভোগ কৰা দৰ্শকসকলেও ছবিখনৰ সন্দৰ্ভত আলোচনাত সৰৱ হৈ পৰিছে ৷

বিবেক অগ্নিহোত্ৰীয়ে পৰিচালনা কৰা দ্য কাশ্মীৰ ফাইল্ছ নামৰ ছবিখনে ইতিমধ্যে বক্স অফিচত ধুমুহা সৃষ্টি কৰিছে (The Kashmir Files review) ৷ ব্যৱসায়িক দিশৰ পৰা চাবলৈ গ’লে অক্ষয় কুমাৰৰ বহু প্ৰতীক্ষিত ছবি বচ্চন পাণ্ডেৰ মুক্তিৰ পিছতো প্ৰতিদ্বন্দ্বীবিহীন হিচাপেই প্ৰচাৰিত হৈ থাকিব দ্য কাশ্মীৰ ফাইল্ছ ৷

মুক্তিলাভৰ অষ্টম দিনা বাহুবলীৰে সৈতে ফেৰ মাৰি এক নতুন অভিলেখ গঢ়িলে দ্য কাশ্মীৰ ফাইল্ছে ৷ এই সন্দৰ্ভত বাণিজ্যিক বিশেষজ্ঞ (Trade Expert) তৰণ আদৰ্শে শ্বেয়াৰ কৰিছে বক্স অফিচত দ্য কাশ্মীৰ ফাইল্ছৰ শেহতীয়া খবৰ (The Kashmir Files latest updates) ৷ নিজৰ টুইটাৰ একাউণ্টত তেওঁ এই তথ্যসমূহ শ্বেয়াৰ কৰিছে ৷

জনসাধাৰণৰ পৰা এনে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত নিৰ্মাতাই ছবিখন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত ডাবিং কৰিছে ৷ কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ আৰু গণহত্যাক মুখ্য বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনত অভিনয় কৰিছে বলীউডৰ অভিনেতা অনুপম খেৰ, মিথুন চক্ৰৱৰ্তীকে আদি কৰি কেইবাজনো তাৰকাই ৷ উপাৰ্জনৰ দিশত ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহতে 100 কোটিৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: কেঞ্চাৰৰ সৈতে যুঁজি যুঁজি শৰ্মাজী নমকিনৰ শ্বুটিং কৰিছিল ঋষি কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.