ETV Bharat / sitara

চণ্ডীগড়ত ৬৪ সংখ্যক জন্মদিন উদযাপন কৰিলে অনিল কাপুৰে - Anil Kapoor is in Chandigarh with his wife

আজি বলীউড অভিনেতা অনিল কাপুৰৰ ৬৪ সংখ্যক ওপজা দিন । অভিনেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে বলীউড তাৰকা আৰু অনুৰাগীয়ে । অনিল কাপুৰৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি শুভকামনা যাঁচিলে অভিনেতা অনুপম খেৰে ।

আজি বলীউড অভিনেতা অনিল কাপুৰৰ ৬৪ সংখ্যক ওপজা দিন

author img

By

Published : Dec 24, 2020, 6:55 PM IST

চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: বৃহস্পতিবাৰে চণ্ডীগড়ত পত্নী ছুনীতা কাপুৰৰ সৈতে ৬৪ সংখ্যক জন্মদিন উদযাপন কৰিলে অনিল কাপুৰে । লগতে আগন্তুক ছবি যুগ যুগ জিঅ'ৰ সহ শিল্পীসকলৰ সৈতেও জন্মদিন উদযাপন কৰে । ৰাজ মেহতাই নিৰ্দেশনা কৰা ছবিখনত অভিনয় কৰা অভিনেতা বৰুণ ধৱন আৰু কিয়াৰা আদৱানীয়ে অনিল কাপুৰৰ জন্মদিন উদযাপন কৰি থকাৰ ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰে ।

ভিডিঅ'টোত অভিনেতাগৰাকীয়ে কেক কাটি থকা দেখা গৈছে আৰু লগতে তেওঁৰ পত্নী ছুনীতা কাপুৰ, বৰুণ ধৱন, কিয়াৰা, ইউ টিউবাৰ প্ৰজাক্টা ক'লি আৰু ৰাজ মেহতাক তেওঁৰ কাষত থকা দেখা গৈছে । যুগ যুগ জিঅ'ৰ নিৰ্দেশক ৰাজ মেহতাই ইনষ্টাগ্ৰাম পোষ্টযোগে অনিল কাপুৰে জন্মদিনৰ কেকৰ সৈতে অকলে থকা এখন ফটো শ্বেয়াৰ কৰিছে । ধেমালীয়া সুৰত মেহতাই পোষ্টটোত অনিল কাপুৰক ৬৪ সংখ্যকৰ পৰিৱৰ্তে ২৫ সংখ্যক জন্মদিনৰ শুভকামনা জনায় ।

লগতে ফটোৰ কেপচনত লিখিছে যে, 'এজলেছ ৱণ্ডাৰ' । অনিল কাপুৰৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি অভিনেতা অনুপম খেৰে কয় যে, অভিনেতাগৰাকী সদায় প্ৰেৰণা হৈ থাকিব । ব্যায়াম কৰি থকাৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনিল কাপুৰে সদায়ে নতুন শিল্পীসকলক উৎসাহ যোগাই আহিছে । উল্লেখ্য যে, নৱ প্ৰজন্মক এনেদৰে প্ৰেৰণা যোগাই অহাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও তেওঁৰ কেইবাবাৰো শলাগ লৈছে ।

লগতে পঢ়ক:24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.