চিটাৰা ডেস্ক,23জুলাইঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ সিদ্ধান্ত লয় এগৰাকী 13 বছৰীয়া কিশোৰীয়ে ৷ ভিলাইৰ টাউনশ্বিপৰ নিবাসী সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে বুধবাৰে ছীপ লৈ আত্মহত্যা কৰে ৷ কিশোৰী গৰাকীয়ে মৃত্যুৰ পূৰ্বে লিখি থৈ যায় এখন ছুইচাইড নোট ৷ ছাত্ৰী গৰাকীয়ে লিখিছে যে,অভিনেতা সুশান্ত সিং ৰাজপুত এনেকৈ গুচি যোৱাটো তেওঁৰ ভাল লগা নাই,যাৰ বাবে তেওঁ এই সিদ্ধান্ত লৈছে ৷
অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰি দিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি,ছাত্ৰী গৰাকী সুশান্তৰ দুৰ্দান্ত অনুৰাগী আছিল,লগতে টেলিভিছনত সদায় তেওঁৰেই চিনেমা চাইছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে,সুশান্তৰ আত্মহত্যা ঘটনাৰ পিছতে উদাসীনভাৱে থাকিবলৈ লৈছিল কিশোৰীগৰাকী ৷
লগতে পঢ়কঃহিন্দী মনোৰঞ্জন ক্ষেত্ৰত সুনাম কঢ়িয়াইছে অসম জীয়ৰী প্ৰিয়াশাই