চিটাৰা ডেস্ক,18 ডিচেম্বৰ : ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া খেলধৰ্মী ছবি ‘ৰশ্মি ৰকেট’ (Rashmi Rocket)ৰ বাবে অনুশীলন অব্যাহত ৰাখিছে অভিনেত্ৰী তাপসী পান্নুৱে ৷ অনুশীলন থলীৰ পৰা চ’ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷
ইনষ্টাগ্ৰামযোগে অনুশীলনৰ সময়ত 22.6 কেজিৰ পৰা 244.9 কেজি লিফ্টিঙৰ ফটো শ্বেয়াৰ কৰিছে তাপসীয়ে ৷ ফটোখনত তাপসীক এক ওজনৰ মেচিন দাঙি অনুশীলন কৰা পৰিলক্ষিত হৈছে ৷ কেপচন হিচাপে তাপসীয়ে লিখিছে "My Main Machine' The journey from 50 lbs (22.6 kg) to 540 lbs (244.9kg)" ৷
ইয়াৰোপৰি, তাপসীয়ে মাংসপেশীৰ প্ৰদৰ্শনৰ এটি চূড়ান্ত ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷ ছবিখনৰ প্ৰযোজনাত আছে আক্ৰাশ খুৰাণা আৰু সহ প্ৰযোজনাত আছে ৰণী স্ক্ৰীউৱালা, নেহা আনন্দ আৰু প্ৰাঞ্জল খান্ধদিয়া ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এগৰাকী ৰশ্মি নামৰ গাঁৱলীয়া ছোৱালী যিয়ে খেলৰ প্ৰতি আগ্ৰহী, সেই গৰাকী ৰশ্মিৰ কাহিনীৰে 2021 বৰ্ষত মুক্তিলাভ কৰিব ‘ৰশ্মি ৰকেট’ নামৰ ছবিখন ৷
লগতে পঢ়ক : 'ছোৰি'ৰ দৃশ্যগ্ৰহণত কান্দোনত ভাঙি পৰিল নুচৰত ভাৰুছা