চিটাৰা ডেস্ক, 29 জানুৱাৰী : লুপ লপেটা কেনেকৈ আহিল তাপসী পন্নুৰ হাতলৈ? তাপসী পন্নু আৰু তাহিৰ ৰাজ ভাসিন সাজু হৈছে তেওঁলোকৰ আহিবলগীয়া ছবি ‘লুপ লপেটা’ক লৈ ৷ ‘দ্য কপিল শৰ্মা শ্ব’ ত ছবিখনৰ নায়িকা গৰাকীয়ে খুলি ক’লে কেনেকৈ পালে তেওঁ এই অফাৰ ৷ ‘দ্য কপিল শৰ্মা শ্ব’ ত ‘লুপ লপেটা’ ৰ প্ৰমোচনৰ বাবে গৈছিল তাপসী পন্নু আৰু তাহিৰ ৰাজ ভাসিন ৷
শ্ব’টোত তাপসীয়ে উল্লেখ কৰে যে কেনেদৰে ‘সভি’ ৰ চৰিত্ৰটোৰ বাবে তেওঁ মান্তি হৈছিল ৷ ‘লুপ লপেটা’ ৰ অফাৰ পোৱাৰ পিছত না কৰিবলৈ গৈ সন্মতি দি আহিছিল অভিনেত্ৰী তাপসী পন্নুৱে ৷ দক্ষিণত সাদৃশ্য থকা এখন চিনেমা পূৰ্বতে কৰি অহাৰ বাবে অফাৰটো ৰিজেক্ট কৰিবলৈ গৈছিল তাপসী ৷ কিন্তু তাৰ পিছত যি হ’ল না ক’ব নোৱাৰিলে আৰু তাপসীয়ে (Tapsee Pannu on getting looop lapeta) ৷
ছবিখনৰ নিৰ্দেশক আকাশ ভাটিয়াই তাপসীয়ে না কোৱাৰ মূহুৰ্ততেই ছবিখনৰ কাহিনী অভিনেত্ৰী গৰাকীৰ সন্মুখত এনেদৰে উপস্থাপন কৰিলে যে, ছবিখনত অভিনয়ৰ বাবে তৎক্ষণাত মান্তি হয় তাপসী ৷ ছবিখনৰ ‘সভি’ চৰিত্ৰটো কেৱল তাপসীৰ বাবেই উপযুক্ত বুলি নিৰ্দেশক গৰাকীয়ে তাপসীক আভ্যন্তৰীণ ভাৱে অনুভৱ কৰাই দিয়ে ৷ সেই অনুভৱেই তাপসীক ছবিখনৰ প্ৰতি আকৰ্ষিত কৰি তুলিলে আৰু তৎক্ষণাত সন্মতি প্ৰদান কৰে অভিনেত্ৰী গৰাকীয়ে ৷
চলচ্চিত্ৰখনত তাপসীয়ে সভিৰ চৰিত্ৰটোত অভিনয় কৰিছে আৰু তাহিৰ ৰাজ ভাসিনে সত্য নামৰ চৰিত্ৰ ৰূপায়ন কৰিছে । বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা আকাশ ভাটিয়াৰ দ্বাৰা পৰিচালিত প্ৰথম খন চলচ্চিত্ৰ 'লুপ লপেটা' ই 4 ফ্ৰেব্ৰুৱাৰীত নেটফ্লিক্সত মুক্তি লাভ কৰিব ৷
লগতে পঢ়ক: এসময়ত বলীউডত গিজগিজাই থকা ভাগশ্ৰীৰ জীয়ৰীও হৈছে বি-টাউন মুখী