ETV Bharat / sitara

প্ৰযোজক শ্বাবাছ মিঠুৰ আহিবলগীয়া ছবিত দেখা পাব তাপশী পান্নুক - শ্বাবাছ মিঠু

সোমবাৰে তাপশী পান্নুৱে চ’ছিয়েল মিডিয়াযোগে এখন ফটো শ্বেয়াৰ কৰি ব্যক্ত কৰে যে, ইতিমধ্যে তেওঁ প্ৰযোজক শ্বাবাছ মিঠুৰ এখন ছবিৰ বাবে দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিছে ৷

Taapsee Pannu
তাপশী পান্নু
author img

By

Published : Apr 5, 2021, 1:25 PM IST

চিটাৰা ডেস্ক,5 এপ্ৰিল : বলিউডৰ অন্যতম ব্যস্ত আগশাৰীৰ অভিনেত্ৰী তাপশী পান্নুক দেখিবলৈ পোৱা যাব প্ৰযোজক শ্বাবাছ মিঠুৰ আহিবলগীয়া নতুন ছবিত ৷ অনুৰাগ কাশ্যপৰ ‘দোবাৰা’ ছবিৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰাৰ পাচতেই পুনৰ শ্বাবাছ মিঠুৰ ছবিৰ বাবে দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিছে তাপশীয়ে ৷

ছবিখনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্তেইন মিথালী দোৰাই ৰাজৰ ভূমিকা পালন কৰিব তাপশীয়ে ৷ সেই অনুসৰি, অনুশীলনস্থলীৰ পৰা এখন ফটো শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ সোমবাৰে চ’ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে, "Let's go.... Day 1 ! #ShabaashMithu #WomenInBlue." ৷

ছবিখনৰ পৰিচালনাত আছে পৰিচালক ৰাহুল ধোলাকিয়া আৰু কাহিনীভাগ লিখিছে প্ৰিয়া এভেনে ৷ আনহাতে, ছবিখনৰ প্ৰযোজনাত আছে শ্বাবাছ মিঠু আৰু ছবিখন Viacom18 Studiosৰ বেনাৰত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.