চিটাৰা ডেস্ক, ১ মাৰ্চ: কমল পাণ্ডে নিৰ্দেশিত ছবি 'জাহান চাৰ য়াৰ'ত অভিনয় কৰিব বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰে । ছবিখনত স্বৰাৰ 'বীৰে ডি ৱেডিং' ছবিৰ সহ অভিনেত্ৰী শিখা তালছানিয়াৰ লগতে মেহেৰ ভিজ আৰু পূজা চৌপ্ৰায়ো মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখনত কেইগৰাকীমান মধ্যবিত্ত শ্ৰেণীৰ বান্ধৱীৰ জীৱনশৈলী দেখুওৱা হৈছে, যিয়ে একেলগে গোৱা ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগলৈকে তেওঁলোকৰ দৈনন্দিন, একঘেয়ামী কামৰে ভৰি থকা জীৱনৰ মাজতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । এই ৰোমাঞ্চকৰ যাত্ৰাৰ কাহিনী ছবিখনত মূলতঃ দেখুওৱা হ'ব । বিনোদ বচ্চনৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে লেখক কমল পাণ্ডেই ছবি নিৰ্দেশক হিচাপে আত্মপ্ৰকাশ কৰিব । পাণ্ডেই 'ছাদী মে জৰুৰ আনা', চাহেব বিৱি অৰ গেংষ্টাৰ ৰিটাৰ্ণছ', 'শগিৰ্ড আৰু শকথি: দ্য পাৱাৰ আদি ছবিৰ কাহিনী লিখিছে ।
ৱেব'লইডৰ সৈতে হোৱা সাক্ষাৎকাৰত বিনোদ বচ্চনে কয় যে, তেওঁ এনে এটা নতুন কাহিনীৰ ছবি নিৰ্মাণ কৰিবলৈ পাই আনন্দিত । বিনোদে লগতে কয় যে, 'জাহান চাৰ য়াৰ' ছবিখনৰ দৃশ্যগ্ৰহণ উত্তৰ প্ৰদেশৰ গ্ৰাম্য অঞ্চলৰ লগতে গোৱাত সাগৰৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত কৰা হ'ব ।