চিটাৰা ডেস্ক,১০ মে': অভিনেত্ৰী সুস্মিতা সেনে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে মাতৃ দিৱসৰ এটা বিশেষ ভিডিঅ' । দুগৰাকী কন্যাৰ মাতৃ সুস্মিতাই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ কনিষ্ঠা কন্যা আলিশা সেনে মাতৃ দিৱসত বিশেষ ধৰণে জনোৱা শুভেচ্ছাৰ কিছু আভাস দিছে । দেওবাৰে নিশা সুস্মিতা সেনে ইনষ্টাগ্ৰাম পোষ্টযোগে এক ভিডিঅ' শ্বেয়াৰ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
সুস্মিতাই পোষ্টটোত লিখিছে ১১ বছৰীয়া কন্যা আলিশাই সদায়ে মাতৃ দিৱসত বিশেষ ধৰণেৰে মৰম দিয়াৰ কথা । ভিডিঅ'টোত কেইখনমান ছবি দেখুৱাই তেওঁ লগতে উল্লেখ কৰিছে যে, প্ৰতিখন ছবি আলিশা নিজে অংকন কৰা । সময়, চেষ্টা আৰু মৰম এনে উপহাৰ, যাক টকাৰে ক্ৰয় কৰিব নোৱাৰি আৰু এনে ধৰণৰ উপহাৰ তেওঁ ভাল পায় ।
- " class="align-text-top noRightClick twitterSection" data="
">
আলিশাই মাতৃ দিৱসত প্ৰতি বছৰে কিবা এটা বিশেষ কৰি সুস্মিতাক আনন্দিত কৰি তোলে । ইনষ্টগ্ৰাম পোষ্টটোত সুস্মিতাই মাতৃ দিৱস উপলক্ষে এটা সুন্দৰ টোকা লিখিছে । সুস্মিতাই মাতৃ শোভ্ৰা সেনৰ সৈতে থকা এখন ফটোও শ্বেয়াৰ কৰে । ফটোখনত তেওঁৰ কন্যা ৰেণী সেন, আলিশা সেন, কথক নৃত্যৰ প্ৰশিক্ষক প্ৰীতম শিখাৰেক দেখা গৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: কিয় কৰ’ণাত আক্ৰান্ত নহয় ৰাখী শ্বাৱন্ত !