চিটাৰা ডেস্ক,1 আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিঙে শেহতীয়াকৈ ছ'চিয়েল মিডিয়া যোগে এটা প'ষ্ট শ্বেয়াৰ কৰিছে ৷ এই প'ষ্টটোৰ দ্বাৰা সুশান্তই আগন্তুক দিনৰ পৰিকল্পনা কৰি ৰখা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ৷ 29 জুনৰ পৰা কৰিবলগীয়া কামৰ 'টু ডু লিষ্ট' বনাইছিল সুশান্ত সিঙে ৷ এখন বগা ৰঙৰ বৰ্ডত সকলোখিনি লিখি ৰাখিছিল অভিনেতাগৰাকীয়ে ৷ শেহতীয়াকৈ ভগ্নী শ্বেতা সিঙে তেওঁৰ কামৰ এই লিষ্ট প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়া যোগে ৷ অভিনেতা গৰাকীয়ে 29 জুনৰ পৰা প্ৰতিদিনে ৱৰ্ক আউট আৰু মেডিটেচন কৰাৰ পৰিকল্পনা কৰিছিল ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কিন্তু ইমানখিনি পৰিকল্পনা কৰি 14 জুনৰ দিনা কিয় অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিলে সেই কথাই সমগ্ৰ ঘটনাটো পুনৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷ সুশান্তৰ আত্মীয় স্বজন তথা বন্ধুবৰ্গই সুশান্ত এগৰাকী হতাশাগ্ৰস্ত যুৱক বুলি কেতিয়াও মানিব নিবিচাৰে কাৰণ যথেষ্ট ফূৰ্তিবাজ আছিল অভিনেতা গৰাকী ৷
অভিনেতাগৰাকীৰ ভগ্নীয়ে প্ৰদান কৰা প'ষ্টটোৰ প্ৰতি সঁহাৰি জনাইছে অভিনেতা গৰাকীৰ অসংখ্য অনুৰাগীয়ে ৷ সকলোৰে মাজত জনপ্ৰিয় অভিনেতাগৰাকীৰ ন্যায়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে অভিনেতাগৰাকীৰ ভগ্নীয়ে ৷